বঙাইগাঁৱত বানপানীত ক্ষতিগ্ৰস্ত অঞ্চলৰ বুজ ললে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ প্ৰতিনিধি দলে

bgn

বঙাইগাঁওঃ

 কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰৰ আন্ত:মন্ত্রণালয়ৰ প্ৰতিনিধি দলে শুকুৰবাৰে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখনৰ লগতে বঙাইগাঁও জিলাত হৈ যোৱা প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্থ অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষয়- ক্ষতিৰ বুজ লোৱাৰ লগতে বানপানীৰ পিছৰ পৰিস্থিতি পৰ্যৱেক্ষণ কৰে । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উপদেষ্টা অজয় গাংগোৱাৰৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত প্ৰতিনিধি দলটোক বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান , আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলে সংগ দিয়ে ৷ কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ বাট- পথ, দলং, ঘৰ-বাৰী, কৃষি পথাৰ, বিদ্যালয় ,অংগনৱাড়ী কেন্দ্ৰ আৰু নদী বান্ধ আদি পৰিদৰ্শন কৰে। সেইদৰে আই নৈৰ খহনীয়াত ক্ষতিগ্ৰস্ত হৈ বিভিন্ন স্থানত আশ্ৰয় লৈ থকা লোকৰ আশ্ৰয়স্থলো পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ এই প্ৰতিনিধি দলটো বৃহস্পতিবাৰে বিয়লি বঙাইগাঁও জিলাত আহি উপস্থিত হয় ৷ প্ৰতিনিধি দলটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উপদেষ্টা অজয় গাংগোৱাৰ , কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ অবৰ সচিব এছ বি তিৱাৰী আৰু কৃষি বিভাগৰ কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক জিন্টু দাস আদি আছে ।bgn2

সেইদৰে প্ৰটোকল বিষয়া হিচাপে কেন্দ্ৰীয় চৰকাৰৰ দলটোৰ লগত আছিল অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প পৰিচালক মিৰ্জা মোহম্মদ ইৰশাদ । প্ৰতিনিধি দলটো বঙাইগাঁৱত আহি উপস্থিত হোৱাৰ পিছত বিয়লি ৫ বজাত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলাখনৰ উপায়ুক্ত তথা সকলো বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত এখন সভাত মিলিত হয় আৰু বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সকলো তথ্য সংগ্ৰহ কৰে । সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জনসম্পদ , গড়কাপ্তানী, কৃষি,স্বাস্থ্য আৰু শিক্ষাকে ধৰি সকলো বিভাগৰ বিষয়াসকল সভাত উপস্থিত আছিল ৷ প্ৰতিনিধি দলটোৱে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভত বিভাগসমূহে প্ৰস্তুত কৰা প্ৰতিবেদনসমূহ সংগ্ৰহ কৰে ৷ সভাত বানপানীৰ সময়চোৱাত বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ, আই ,মানাহ, আই-মানাহ , চম্পাৱতী আদি নৈৰ বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কেন্দ্ৰীয় পৰ্যৱেক্ষণকাৰী দলটোক জিলা প্ৰশাসনৰ তৰফৰ পৰা অৱগত কৰাৰ লগতে দৃষ্টিগোচৰ কৰে ৷ ইপিনে শুকুৰবাৰে পুৱাৰ ভাগত প্ৰতিনিধি দলটো বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং জামদোহা, জাৰাগুৰি , ৪ নং ভাণ্ডাৰা , ৬ নং ভাণ্ডাৰা আৰু ২ নং বাশবাৰী আদি বানত বিধ্বস্ত হোৱা অঞ্চলসমূহত উপস্থিত হৈ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰে । পিছত দিনৰ ১ বজাত প্ৰতিনিধি দলটো গুৱাহাটী অভিমুখে ৰাওনা হয় ৷

Your Comments