দলগাঁও :
দৰং জিলাৰ দলগাঁও আঞ্চলিক বিকলাংগ উণ্ণয়ন পৰিষদৰ কাৰ্যালয়ত শুকুৰবাৰে দিনৰ ১০ বজাত ভাৰত চৰকাৰৰ কৃত্ৰিম অংগ উৎপাদন নিগমে দৰং জিলা প্ৰশাসনৰ সহযোগত মুঠ ১৮২ গৰাকী বিশেষভাবে সক্ষম হিতাধিকাৰীৰ মাজত বিভিন্ন সঁজুলি বিতৰণ কৰে। এই উপলক্ষে কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়।ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সহযোগিতাত ১৮২ গৰাকী হিতাধিকাৰীৰ ভিতৰত হুইল চেয়াৰ ১২,ট্ৰাই চাইকেল ৬৫ ,হিয়াৰিং মেচিন ৪৪ , খোজকঢ়া ষ্টিক ১৫০ যোৰ প্ৰদান কৰে ।দলগাঁও বিকলাংগ উন্নয়ন পৰিষদৰ সম্পাদক আব্দুল ওৱাহাব চৰকাৰৰ আঁচনিত সন্তুষ্টি প্ৰকাশ কৰিছে।
- Log in to post comments
- 3 views