ব্যতিক্ৰমী কাৰ্য্যসূচী পশ্চিম বড়িগোগৰ যুৱক নিবাৰণে :গছপুলি ৰোপণ,বিতৰণৰে সেউজী ধৰনী,সেউজী অসম,সেউজী হাজো অভিযান আৰম্ভ

nibarne

নৰেন শৰ্মা,বাহাৰঘাট :

বিগত শিক্ষক দিৱসৰ দিনটোৰ পৰাই কামৰূপ জিলাৰ হাজো বিধান সভা সমষ্টিৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বৰপূল্লাৰ যুৱক নিবাৰণ লহকৰে গছপুলি বিতৰণ আৰু ঠাই বিশেষে ৰোপন কৰি এক ব্যতিক্ৰমী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ আচনি লৈছে৷উল্লেখযোগ্য যে য়ুৱক জনে তেওঁৰ লগত সমগ্ৰ হাজো অঞ্চলৰ প্ৰায় এশ গৰাকীতকৈ অধিক যুৱক যুৱতীৰ সহযোগত যোৱা শিক্ষক দিৱসৰ পৰাই উক্ত কাৰ্য্যসূচী আৰম্ভ কৰিছে৷ শিক্ষক দিৱসৰ দিনাই তেওঁৰ জন্ম গাওঁ বৰপূল্লাৰ লহকৰ চুবুৰিৰ শংকৰদেৱে নামঘৰত এটি মূল্যবান গছপুলি ৰোপণ কৰি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে৷ইয়াৰ পিচতে যুৱক জনে স্থানীয় পশ্চিম বড়িগোগ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামদত্ত লহকৰ আৰু অঞ্চলৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকক একোটিকৈ গছপুলিৰে শিক্ষক দিৱসৰ শুভেচ্ছা জনাই৷উল্লেখযোগ্য যে সেইদিনাখন তেওঁ সমগ্ৰ হাজো সমষ্টিৰ ভিতৰত কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰধানৰ লগতে শিক্ষানুষ্ঠান আৰু অনুস্থান প্ৰতিষ্ঠানত গছপুলি বিতৰণ আৰু ৰোপণ কৰে৷যুৱক জনৰ প্ৰচেষ্টাত এনেদৰে ৰূপায়িত হোৱা সেউজী ধৰনী,সেউজী অসম,সেউজী হাজো শীৰ্ষক কাৰ্য্যসূচীক ৰাইজে আদৰি লৈছে বুলি লহকৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে৷

Your Comments