বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াসেৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে বেচৰকাৰী সংস্থা উড়ান ফাউণ্ডেছনে ৰোপণ কৰে গছপুলি। উদ্যানখনৰ বিভিন্ন প্ৰান্তত ২০০ ডাল গছপুলি ৰোপণ কৰে সংস্থাটোৱে। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বন বিষয়া বাবুল ব্ৰহ্মই। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায় মানাহ এভাৰ ৱেলফেয়াৰ ছ'চাইটিয়ে ।
- Log in to post comments
- 6 views