নলবাৰী নমাটি বালিকা মধ্য উ:মা: বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন

schl

নলবাৰীৰ পৰা হেমন্ত কলিতা

'পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত ৰাইজে উন্নয়ন-বিকাশৰ ক্ষেত্ৰত পিছলৈ চাব লগা হোৱা নাই। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অধিকাংশ আঁচনি ৰূপায়ণত দুৰ্নীতি-অনিয়ম সংঘটিত হৈছিল। দুৰ্নীতিৰ বাবে উন্নয়নত বাধাৰ সৃষ্টি হৈছিল।' বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰি গাঁও পঞ্চায়ত সভাপতি অঞ্জনজ্যোতি তালুকদাৰে এইদৰে কয়। উল্লেখ্য যে নলবাৰী সমষ্টিৰ অন্তৰ্গত নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ বৃহস্পতিবাৰে অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰা হয়। জিলা সৰ্বশিক্ষা অভিযান মিছনৰ কনিষ্ঠ অভিযন্তা মিন্টু তামুলী, স্থানীয় আঞ্চলিক সদস্য লতিকা ৰাজবংশী, বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল নাথ, পৰিচালনা সমিতিৰ সভাপতি মিনতি ৰাজবংশী,২ নং নমাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বলেন ৰাজবংশী, বিজেপি নেতা দীপক ৰাজবংশী,শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত স্থানীয় গাঁও পঞ্চায়ত সভাপতি অঞ্জনজ্যোতি তালুকদাৰে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে স্থানীয় বিধায়ক অশোক শৰ্মাৰ তৎপৰতাত সৰ্বশিক্ষা অভিযান মিছনৰ পৰা বিদ্যালয়খনৰ  অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ২০১৭ -১৮ বৰ্ষত ৩ লাখ ৯৭ হাজাৰ টকা আবন্টন কৰা হৈছিল।আনহাতে, বিদ্যালয় খনত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দীনেশ্বৰ তালুকদাৰ, উৎপল বৈশ্য, ৰবীন্দ্ৰ পালক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

Your Comments