বঙাইগাঁৱত দহদিনীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ পি এম ই জি পি (খাদী) প্ৰদৰ্শনী তথা বিক্ৰী মেলা আৰম্ভ

bgn

বঙাইগাঁওঃ 

মহা মানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ আৰ্থিক সাহাৰ্যত আজিৰে পৰা বঙাইগাঁও চহৰৰ গান্ধী ময়দানত উত্তৰ পূৰ্বাঞ্চল খাদী আৰু গ্ৰামোদ্যোগ মহাসংঘৰ উদ্যোগত এখন ৰাজ্যিক পৰ্য়ায়ৰ পি এম ই জি পি (খাদী) প্ৰদৰ্শনী তথা বিক্ৰী মেলা আৰম্ভ হৈছে ৷ দহদিনীয়াকৈ আয়োজিত এই প্ৰদৰ্শনী তথা বিক্ৰী মেলাখন বিয়লি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই ৷ এই উপলক্ষে এখন উদ্বোধনী সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰি পুস্পাৰ্ঘ্য অৰ্পণ কৰে ৷ উত্তৰ পূৰ্বাঞ্চল খাদী আৰু গ্ৰামোদ্যোগ মহাংঘৰ কাৰ্যকৰী সদস্য আব্দুল মালিকে আদৰণি ভাষণ ৰখা সভাত খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই নিজৰ উদ্বোধনী ভাষণত কয় যে মহা মানৱ মহাত্মা গান্ধীয়ে আমাৰ শিপিনীসকলৰ কাম দেখি অভিভূত হৈছিল ৷ সেয়ে আমাৰ শিপিনীসকলৰ দ্বাৰা উৎপাদিত হোৱা বস্ত্ৰই হওক বা অন্যান্য শিল্পীসকলৰ দ্বাৰা উৎপাদিত হোৱা সামগ্ৰীয়ে হওক বজাৰত চাহিদা যথেষ্ট আছে আৰু তেওঁলোকক আমি স্বাৱলম্বীত কৰি তুলিব পাৰো ৷ আমি খাদী বোৰ্ডৰ পৰা এই বিষয়ত গুৰুত্ব আৰোপ কৰিছো আৰু তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷ তেওঁ কয় যে এই ৰাজ্যিক পৰ্যায়ৰ পি এম ই জি পি (খাদী) প্ৰদৰ্শনী আৰু বিক্ৰী মেলাত যিসকলে অংশ গ্ৰহণ কৰিছে তেওঁলোকে বঙাগাঁওবাসী ৰাইজৰ ভাল সহাৰি পাব আৰু তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনকো স্বাৱলম্বী কৰি তুলিব ৷ তেওঁ পি এম ই জি পি ৰ ক্ষেত্ৰত নতুন নতুন নিবনুৱা যুৱক - যুৱতীসকলোকো আগবাঢ়ি আহি ইয়াৰ দ্বাৰা উপকৃত হ'বলৈ আহ্বান জনায় ৷ লগতে খাদী বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয় যে যদিহে নতুন নতুন নিবনুৱা যুৱক- যুৱতীসকলে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বজাৰৰ কথাতো অনুভৱ কৰিছে বা বজাৰ পাব নে নাপাব তাকলৈ কিবা শংকা কৰিছে তেতিয়াহলে সেয়া চিন্তা কৰিবলগীয়া নাই ৷ কাৰণ এতিয়া আমি খাদী বোৰ্ডে দায়িত্ব লৈছো যে তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি আমাৰ খাদী বোৰ্ডৰ যিবিলাক ভাণ্ডাৰ আৰু আউটলেট আছে তাৰ জৰিয়তে বিক্ৰী কৰা হ'ব ৷bgn2

গতিকে সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো সমস্যা নাথাকিব ৷ আনহাতে গুৱাহাটীৰ হেঙেৰাবাৰীত অতি সোনকালে দিল্লী হাটৰ নিচিনাকে 'খাদী হাট' স্থাপন কৰিব বুলি উল্লেখ কৰি এই খাদী হাটৰ জৰিয়তে পি এম ই জি পি সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ সুবিধা প্ৰদান কৰা হ'ব ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চলি থকা কেন্দ্ৰীয় চৰকাৰেই হওক বা অসমৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰেই হওক দুয়োখন চৰকাৰে খাদীক অগ্ৰাধিকাৰ দিছে ৷ সেয়ে সকলোৱে ইয়াৰ সুবিধা গ্ৰহণ কৰি নিজৰ লগতে ৰাজ্যখনকো স্বাৱলম্বী কৰি তুলিবলৈ আহ্বান জনায় ৷ সভাত বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী পৰিচালক হৰ কুমাৰ দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে ৷ উল্লেখ্য যে সভাত জিলা উপায়ুক্ত আদিল খান আৰু জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল উপস্থিত হয় যদিও জিলা উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা থকাত কিছু সময়ৰ বাবেহে উপস্থিত থাকে ৷ সভাত সমাজকৰ্মী অৰুণ পাঠক তথা মহাসংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ মহাসংঘৰ সম্পাদক সঞ্জীৱ দাসে আঁত ধৰা উদ্বোধনী সভাৰ আৰম্ভণিতে বঙাইগাঁও জিলা শিল্পী সমাজৰ শিল্পীসকলে এটি উদ্বোধনী গীত পৰিৱেশন কৰে ৷ এই প্ৰদৰ্শনী তথা বিক্ৰী মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪০ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে ৷ মেলাখন অহা ১৪ ছেপ্টেম্বৰলৈ চলিব ৷ আনহাতে এই প্ৰদৰ্শনী তথা বিক্ৰী মেলাৰ লগত সংগতি ৰাখি অহা ৮ ছেপ্টেম্বৰত চিত্ৰাংকন প্ৰতিযোগিতা, ১০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান, ১২ ছেপ্টেম্বৰত খাজা উৎসৱ আদি অনুষ্ঠিত হ'ব ৷

Your Comments