পুৰণিগুদামৰ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি--শিক্ষক দিৱস বৰ্জন

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্রতিবেদন : 

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত বৃহস্পতিবাৰে "শিক্ষক দিৱস"ৰ দৰে পবিত্ৰ দিনত শিক্ষক-ছাত্ৰ সমাজে বৰ্জন কৰে শিক্ষক দিৱস । উল্লেখযোগ্য যে বিদ্যালয়খনত আজিৰ পৰা শিক্ষক দিৱসৰ লগতে শুক্ৰবাৰ আৰু শনিবাৰে নৱাগত আদৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল । উক্ত কাৰ্যসূচীৰ প্ৰস্তুতিৰ কাম-কাজত বুধবাৰে পুৰণিগুদামৰ সমীপৰ চলচলিৰ তিনিজন যুৱকে বিদ্যালয়খনত অনাধিকাৰ প্ৰবেশ কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে । এই বিষয়লৈ তিনিজন যুৱকে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ লগত তৰ্ক-বিৰ্তকতো লিপ্ত হয় । পাছত বিদ্যালয় কৰ্তৃপক্ষই চামগুৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ তিনি যুৱকক আটক কৰি পুৰণিগুদাম আৰক্ষী চকীলৈ লৈ আহে । সন্ধ্যা আটকাধীন যুৱক তিনিজনৰ পৰিয়াল আৰু একাংশ যুৱকে খৰ্গহস্ত হৈ বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ আচবাব নষ্ট কৰাৰ লগতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পুলক বৰাক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ।তদুপৰি দলটোৱে বিদ্যালয়ৰ অধ্যক্ষা সন্ধ্যা বৰুৱাক চোঁচা লৈ আক্ৰমণ কৰাৰ চেষ্টা চলায় । ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতে নুৰুল আমিনসহ চাৰিজন লোকক আটক কৰি থানালৈ লৈ যায় । nagao2

ইফালে বিদ্যালয়ৰ অধ্যক্ষা সন্ধ্যা বৰুৱাসহ বিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰ এক উচিত তদন্তৰ দাবীত নগাঁও আৰক্ষী অধীক্ষকক অৱগত কৰাৰ লগতে গুৰুতৰভাৱে আহত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পুলক বৰাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত  ভৰ্তি কৰায় । ইপিনে বৃহস্পতিবাৰে পবিত্ৰ "শিক্ষক দিৱস" দিনা আটক কৰা দুৰ্বৃত্তৰ দলৰ শাস্তিৰ দাবীত শিক্ষক-ছাত্ৰ সমাজে ক'লা বেজ পিন্ধি ৰাজপথত অৱস্থান কৰি বৰ্জন কৰে । এই অৱস্থান কাৰ্যসূচীত ছাত্ৰ-শিক্ষক সমাজ ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে পুৰণিগুদামস্থিত বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই অংশগ্ৰহণ কৰে । প্ৰতিবাদস্থলীত পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকি দুৰ্বৃত্তৰ দলটোক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে । দুপৰীয়া প্ৰতিবাদস্থলীত উপস্থিত থাকি চামগুৰি ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয় । পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবীত চক্ৰ বিষয়া জীৱন মাৰাকক স্মাৰক পত্ৰ প্ৰদান কৰে ।

Your Comments