মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ সাফল্য : ডুবাই আৰু থাইলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ লাভ

marigaon

মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন : 

মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে অলপতে গোৱাত কেন্ঠ ফাৰ্মাচিটিউকেলচ কলকাতাৰ  উদ্যোগত  অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক  সন্মিলনত অংশ গ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক সকলে অংশগ্ৰহণ কৰা সন্মিলন খনিত সমগ্ৰ উত্তৰ -পূৰ্বাঞ্চলৰ হৈ একমাত্ৰ প্ৰতিনিধি হিছাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে। চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা  সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ডাঃ নাথে। তেঁও বৰ্তমান সময়ত প্ৰাদুৰ্ভাৱ হোৱা ৰোগ সমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। তদুপৰি সমগ্ৰ দেশতে হোমিওপেথিক চিকিৎসক সকলে ভোগ কৰি অহা সমস্যা সমূহৰ লগতে নতুন নতুন ৰোগ সমূহৰ প্ৰতিৰোধৰ  ওপৰতো সন্মিলনত বিশেষ ভাবে আলোকপাত কৰা হয়। উল্লেখ্য যে ২৮ আগষ্টৰ পৰা আৰম্ভণি হৈ ৩১ আগষ্টত সামৰণি পৰা সন্মিলনখনিত দেশৰ হোমিওপেথিক চিকিৎসা সেৱা উন্নীতকৰণৰ ওপৰতো আলোচনা কৰা হয়। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই অহা  ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া হোমিওপেথিক চিকিৎসা সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ হোৱা বুলি জানিব পৰা গৈছে।

Your Comments