শিক্ষক দিৱসৰ দিনাও দিনহাজিৰা কৰি দিৱস পালিলে আৰাঙ্গমৌ নমশুদ্ৰ প্ৰাথমিক বিদ্যালয়ৰ দুই শিক্ষকে

xikhak

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :

নলবাৰী জিলাৰ পূৱ নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বৰভাগৰ আৰাঙ্গমৌ নমশুদ্ৰ প্ৰাথমিক বিদ্যালয়ৰ দুই শিক্ষকে আজিৰ দিনটোতো অৰ্থনৈতিক দুৰ্বলতাৰ বাবে দিন হাজিৰা কৰি পাৰ কৰিব লগীয়া হৈছে।

baharghat১৯৮৬ চনতে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক মৃনাল শৰ্মা আৰু সহকাৰী শিক্ষক ধৰণী দাসে ৩৪ বছৰে বিনাবেতনে শিক্ষকতা কৰি থাকিও  পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ স্বাৰ্থত আজিৰ দিনটোতো দিন হাজিৰা কৰি  থাকিবলগীয়া হৈছে।চৰকাৰ আহে আৰু যায় কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দি দায়িত্ব সাৰে৷মনত নপৰে এই সকল দুৰ্ভগীয়া শিক্ষকৰ কথা৷আজি শিক্ষক দিৱসৰ দিনাও এওলোকে চকুলো টুকি হাজিৰা কৰাত ব্যস্ত ৷baharghat2

বৰ্তমান পৰিবৰ্তনশীল চৰকাৰৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে এইসকল দুৰ্ভগীয়া শিক্ষকৰ প্ৰতি অকনমান মনোযোগ দিব নে ? নে এনেকৈয়ে শেষ হবলৈ দিব এওলোকৰ ভবিষ্যত৷

 

Your Comments