শিৱসাগৰত কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ কিয় সন্মুখীন হবলগীয়া হ'ল সাংসদ তপন গগৈ আৰু মন্ত্ৰী কেশৱ মহন্ত ?

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ :

শিৱসাগৰৰ দিচাংমুখৰ গৰাখহনীয়া অঞ্চল সমুহ বুধবাৰে পৰিদৰ্শন কৰিবলৈ যায় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক কুশল দুৱৰী, যোগেন মহন, জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলে। 

দলটোৰ পৰিদৰ্শনৰ সময়ত স্থানীয় চিতলডুবি প্ৰাথমিক বিদ্যালয় আৰু অফলা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে হাতত প্লে কাৰ্ড লৈ আমাৰ শিক্ষানুষ্ঠান ৰক্ষা কৰি আমাৰ ভৱিষ্যত ৰক্ষা কৰক, গৰাখহনীয়া ৰোধ কৰক, আদি শ্লগান দি খহনীয়া ৰোধৰ স্থায়ী সমাধান কৰিবলৈ সাংসদ-মন্ত্ৰীক আহ্বন জনায়। sibsagar

অঞ্চলটোৰ শতাধিক ৰাইজৰ লগতে তিনিখন গাঁৱৰ উন্নয়ন সমিতি আৰু শিৱসাগৰ জিলা টিএমপিকেই গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংসদ-মন্ত্ৰীক পৃথকে পৃথকে  স্মাৰক পত্ৰ প্ৰদান কৰে। 

উল্লেখ্য  বৃহত্তৰ দিচাংমুখ অঞ্চলৰ অফলা, চৰাইপৰা, মামল গড়ভঙা আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। এইবাৰ বানপানীৰ পাছত ব্ৰহ্মপুত্ৰ নদীয়ে শ শ হেক্টৰ মাটি খহাই নিয়াৰ ফলত উক্ত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। 

সংবাদ মাধ্যমত এই খবৰ লাভ কৰি বুধবাৰে সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী কেশৱ মহন্ত, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়াসকলে খহনীয়া অঞ্চল সমুহ নাৱেৰে পৰিভ্ৰমণ কৰি পৰিদৰ্শন কৰে। সাংসদ তপন গগৈ আৰু মন্ত্ৰী কেশৱ মহন্তই কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই দৰে প্ৰতিবাদ কৰা দেখি দুখ প্ৰকাশ কৰাৰ লগতে চলিত বৰ্ষতেই আঁচনি প্ৰস্তুত কৰি খহনীয়া ৰেধৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Your Comments