নিউজ ডেস্ক :
ভাৰত চৰকাৰৰ ডাক সেৱা বিভাগত কৰ্মৰত বহি:ৰাজ্যৰ বিষয়াৰ দ্বাৰা অসমতে অপমানিত হ'ল অসমীয়াৰ স্বাভিমানৰ একমাত্ৰ শতবৰ্ষ গৰকাৰ জাতীয় সংগঠন অসম সাহিত্য সভা।বিভাগটোৰ অসম ৰাজ্যৰ মাণ্ডলীকৰ দায়িত্বত থকা গুৱাহাটীৰ মেঘদূত ভৱনৰ সঞ্চালক কে কেবিচুসাৰ দ্বাৰা বুধবাৰে মেঘদূত ভৱনতে অপমানিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব।মেঘদূত ভৱনৰ সঞ্চালক গৰাকীক অসম সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা এক সজাতি দলে কে কেবিচুসাক সাক্ষাৎৰ বাবে তেওঁৰ কেবিনত প্ৰৱেশ কৰিছিল।তেনেতে বহি ৰাজ্যৰ বিষয় গৰাকীয়ে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীসহ সজাতি দলটোক 'গেট আউট' বুলি কৈ চুড়ান্ত ভাৱে অপমানিত কৰে।
অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি যোৱা অসম সাহিত্য সভাৰ সভাপতি গৰাকীক মেঘদূত ভৱনৰ সঞ্চালক গৰাকীয়ে অপমান সূচকভাবে বাহিৰ হবলৈ কোৱাত ক্ষুদ্ধ হৈ পৰে সভাপতি ৰাজবংশীৰ লগত যোৱা সজাতি দলটো।ইয়াৰ পিছতেই তেওঁলোকে বিষয়া গৰাকীক কাৰ্যলয়তে বহু সময় আবদ্ধ কৰি ৰাখে আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক এই ব্যৱহাৰৰ বাবে জবাবদিহি কৰাৰ লগতে সংবাদ মাধ্যমক খবৰ দিয়ে। পাছত সংবাদ মাধ্যমৰ আগত সঞ্চালক কে কেবিচুসাই নিজৰ ভূল স্বীকাৰ কৰি ৰাজহুৱা ক্ষমা খোজাত পৰিস্থিতিৰ শাম কাটে।
উল্লেখ্য যে ভাৰতীয় ডাক বিভাগে কেৱল অসম ৰাজ্যৰ বাবে প্ৰায় ৯ শতাধিকতকৈ অধিক পদৰ বাবে যোৱা আগষ্ট মাহত এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু বিভাগটোৱে মাতৃভাষা অসমীয়াক চূড়ান্ত ভাৱে অৱজ্ঞা কৰি অসমৰ বৰাক উপত্যকাৰ বাবে বাংলা ভাষা আৰু বি টি এ ডিৰ বাবে কেৱল বড়ো ভাষাতহে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছে। ফলত বৰাক উপত্যকাত থকা অসমীয়া ভাষী লোকসকল আৰু বি টি এ ডিত থকা অনাবড়ো লোকসকলৰ মাজত বিভাগটোৰ এই ঘোষণাই ব্যাপক চর্চা লাভ কৰিছে। ইয়াৰ উপৰিও অসম ৰাজ্যত চৰকাৰৰ যিকোনো পৰীক্ষাত মাতৃভাষা অসমীয়া ব্যৱহাৰ কৰাটো বাধ্যতামূলক।কিন্তু তাৰ পাছতো ভাৰতীয় ডাক বিভাগে বি টি এ ডি আৰু বৰাক উপত্যকাত কেৱল স্থানীয় ভাষাত পৰীক্ষাৰ পতাৰ বিষয়তো সন্দৰ্ভত আলোচনা কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ নেতৃত্বত এটা সজাতি দলে অসম ৰাজ্যৰ দায়িত্বত থকা সঞ্চালক গৰাকীক সাক্ষাৎ কৰি বিভাগটোৱে নিয়ম ভঙ্গ কৰা বিষয়টো অৱগত কৰি বি টি এ ডি আৰু বৰাক উপত্যকাত অসমীয়া ভাষা প্ৰয়োগ কৰাৰ আহ্বান জনায় এক স্মাৰক পত্ৰ প্ৰদান কৰিব গৈছিল।কিন্তু বিষয়টো অৱগত কৰিবলৈ নাপাওঁতে সঞ্চালক গৰাকীয়ে অন্য কামত ব্যস্ত থকা বুলি কৈ সভাপতিসহ সজাতি দলটোক অপমান কৰি ওলাই যাবলৈ কয়। এই কথা সংবাদ মাধ্যমক সবিস্থাৰে জানিবলৈ দিয়ে অসম সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে।ৰাজবংশীয়ে লগতে কয় ডাক বিভাগৰ অসম মাণ্ডলিকৰ এই সিদ্ধান্তই যাতে বি টি এ ডি আৰু বৰাক উপত্যকাত কোনো গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি নকৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক মংগলবাৰে সমগ্ৰ বিষয়টো অৱগত কৰা হৈছিল।তেওঁ সেই সন্দৰ্ভত ডাক বিভাগ অসম মাণ্ডলীকলৈ ইতিমধ্যে এক পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু বিষয়টো আজিও কোনো সমাধান নোহোৱাত অসম সাহিত্য সভাই বিষয়টো অৱগত কৰিবলৈ মেঘদূত ভৱনত উপস্থিত হৈছিল।মেঘদূত ভৱনত উপস্থিত হৈ সমগ্ৰ বিষয়টো সঞ্চালকৰ তলৰ পৰ্যায়ৰ দুগৰাকীৰ অসমীয়া বিষয়া উপাধি ক্ৰমে হাজৰিকা আৰু কলিতাৰ লগত বিষয়টো আলোচনা কৰিছিল।
ইফালে তেওঁলোকে সমগ্ৰ বিষয়টো সঞ্চালক গৰাকীক ভালদৰে অৱগত নকৰা বাবেই আজি এই ভুলবুজা বুজি সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে।
সমগ্ৰ বিষয়টো সঞ্চালক গৰাকীয়ে ভালদৰে বুজি পোৱাত ভাষাৰ সন্দৰ্ভত ৰৈ যোৱা আসোঁৱাহ সমূহ আঁতৰ কৰি সকলোতে অসমীয়া ভাষা প্ৰয়োগ হ'ব বুলিও জানিবলৈ দিয়ে।
আনহাতে সভাপতি গৰাকীক অপমান সূচক ব্যৱহাৰ কৰা বিষয়টোৰ সন্দৰ্ভত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই কয় "অসম সাহিত্য সভাই সদায় সবিনয়ে আৱেদন জনায় আহিছে।কিন্তু এই পৰিস্থিতিৰ মুখা-মুখী হৈ এক মুহূৰ্তৰ বাবে যেন আমি অসম সাহিত্য সভাৰকর্মী হিচাপে স্থবিৰ হৈ পৰিছিলোঁ।কাৰণ এই গৰাকীৰ বহি: ৰাজ্যৰ বিষয়াৰ অসমৰ জাতীয় অনুষ্ঠান সমূহৰ প্ৰতি তিলমানো সন্মানবোধ নাই। যদি অসমৰ মাটিতে অসমৰ জাতীয় অনুষ্ঠানে বহি ৰাজ্যৰ পৰা অহা বিষয়াৰ পৰা উপলুঙা সূচক মন্তব্যৰ মুখা-মুখী হ'ব লগা হয় তেন্তে ইয়াক কেতিয়াও মানি থাকিব পৰা বিষয় নহয় বুলিও তেওঁ ব্যক্ত কৰে। আমি পূৰ্বতে এনেকুৱা ব্যৱহাৰৰ মুখা-মুখী হোৱা নাই সেই বাবে এতিয়া এই বিষয়টো আমাৰ বাবে কল্পনাৰো অতীত।
একেদৰে তেওঁ কয় অসম সাহিত্য সভাৰ সভাপতি গৰাকীক অসমৰ ৰাইজে সন্মান কৰে ইয়াত কোন বিষয়ববীয়া আছিল সেইটো ডাঙৰ কথা নহয়। কিন্তু অসমীয়া ৰাইজে সন্মান কৰা সভাপতি গৰাকীক অপমান কৰাটো কেতিয়াও মানি ল'ব পৰা বিষয় নহয়।সেইবাবে আমি ক্ষোভিত হৈছিলোঁ। আমাৰ ক্ষোভৰ পাছতেই তেওঁ হয়তো বুজি পাইছিল আৰু ক্ষমা খুজিবলৈ সৈমান হৈছিল। তেওঁ লগতে বুজি উঠিছিল হয়তো অসমীয়া জাতিয়ে সকলো হস্য কৰিব পাৰে, অসমীয়া জাতিৰ বুকু বহুত বহল,অসমীয়া জাতি উদাৰ কিন্তু সেই বুলিয়ে অসমীয়া জাতীয়ে সকলো কথা সহ্য কৰি যাব সেইয়া কেতিয়াও হব নোৱাৰে ।এইদৰে কয় অসম সাহিত্য সভাৰ সম্পাদক পদুম ৰাজখোৱাই।
- Log in to post comments
- 28 views