পৰিদৰ্শন কৰিব বানপানীত ক্ষতিগ্ৰস্ত অঞ্চল
বঙাইগাঁওঃ ৪ ছেপ্তেম্বৰঃ চলিত বিত্তীয় বৰ্ষত সমগ্ৰ ৰাজ্যখনৰ লগতে বঙাইগাঁও জিলাখনতো হৈ যোৱা প্ৰলয়ংকৰী বানপানীত জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰ ক্ষয়-ক্ষতি আৰু মেৰামতিৰ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আন্ত: মন্ত্রণালয়ৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে (৫ ছেপ্তেম্বৰত) বঙাইগাঁও জিলালৈ আহিব । এই প্ৰতিনিধি দলটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উপদেষ্টা অজয় গাংৱাৰ ( অপিএচ), গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ সচিব এচ বি টিৱাৰী আৰু কলকাতাস্থিত কৃষি বিভাগৰ কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক জিন্টু দাস আছে ৷ প্ৰতিনিধি দলটোৱে বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছত জিলা প্ৰশান আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হ'ব ৷ আনহাতে প্ৰতিনিধি দলটোৱে শুকুৰবাৰে জিলাখনৰ অন্তৰ্গত বানপানীত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিব ৷ ইপিনে বুধবাৰে বানপানীৰ সময়ত ক্ষয়-ক্ষতি হোৱা অঞ্চলসমূহলৈ জিলাখনৰ বিভিন্ন বিভাগ সমূহে বানপীড়িত লোকসকলক আগবঢ়োৱা সহায় -সহযোগিতা , সাহাৰ্য, বাট -পথ মেৰামতি আদিকে ধৰি বিভিন্ন সহায়তাৰ এখন শুদ্ধ খতিয়াত জিলা প্ৰশাসনে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰ পৰিদৰ্শনকাৰী প্ৰতিনিধি দলটোৰ হাতত অৰ্পন কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলাখনৰ বিভিন্ন মুখ্য বিভাগ সমূহৰ মুৰব্বী বিষয়া সকলকলৈ তথ্য সংকলন প্ৰস্তুত সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ যায় । এই সভাত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল , জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্ত অৰূপ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল , ৰাজহ চক্ৰ বিষয়া সকল আৰু অন্যান্য বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।
- Log in to post comments
- 6 views