মৰিগাঁৱৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :
মৰিগাঁও জিলাৰ বানপীড়িত অঞ্চল সমূহৰ পৰিবেশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি মৰিগাঁওত উপস্থিতি হয় কেন্দ্ৰীয় মিনিষ্ট্ৰিয়েল দল।ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় ব্যয় বিভাগৰ সঞ্চালক অমৰ নাথ সিংহৰ নেতৃত্বত অহা দলটোৱে দুপৰীয়া জিলা উপায়ুক্ত কায্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত মিলিত হৈ বানপানী সময়ত হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভত বুজ লয়। মিনিষ্ট্ৰিয়েল দলটোত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সহ সঞ্চালক ৰাজীৱ দাস আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ প্ৰকল্প বিষয়া কৃপাল মজুমদাৰেও অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মিনিষ্ট্ৰিয়েল দলটোক মৰিগাঁও জিলাৰ বানপীড়িত অঞ্চলত বানৰ ভয়াৱহতাৰ ছবি পাৱাৰ পইন্টৰ যোগেদি প্ৰদৰ্শন কৰা কাৰ্যসূচীত জিলা উপায়ুক্ত ঋতুৰাজ বৰা সমন্বিতে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া ,অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া,ৰাজহ চক্ৰৰ বিষয়া সকল,খণ্ড উন্নয়ন বিষয়া সকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
- Log in to post comments
- 13 views