মাহমৰাৰ দিৰৈ ৰাঙলীত বীৰ লাচিত সেনাৰ স্বাস্থ্য পৰীক্ষা শিবিৰ 

mahmara

চৰাইদেউৰ পৰা ঘন বৰাৰ প্রতিবেদন :

বীৰ লাচিত সেনাৰ দিৰৈ ৰাঙলী শাখা সমিতিৰ উদ্যোগত চৰাইদেউ জিলা সমিতি আৰু পাটসাঁকো স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰাঙলী দেউঘৰীয়া বজাৰ গৃহত আজি এটা বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয় ।  অৱসৰপ্ৰাপ্ত শিক্ষক ঘন মহনে মুকলি কৰা শিৱিৰটোত দুই শতাধিক ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন ঔষধো বিতৰণ কৰা হয়  ।বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা  সমিতিৰ সভাপতি ৰাজীৱ ৰাজ ফুকনে আঁতধৰা শিৱিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে পাটসাঁকো মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিৰঞ্জন দাস, ডাঃ পাৰ্থ প্ৰতীম ঠাকুৰীয়া,ডাঃ ফিৰদৌচ ৰেইহান,ডাঃ মদন দত্ত, ডাঃ মৌচুমী হজৰিকা,ডাঃ তপোব্ৰত বৰুৱা ,দেউঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীপেন কোঁৱৰ, বীৰ লাচিত সেনাৰ চৰাইদেউ জিলাৰ উপদেষ্টা দিগন্ত ৰাজখোৱৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি। আনহাতে বীৰ লাচিত সেনাই এই স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাত কৃতজ্ঞতা জনাইছে অঞ্চলটোৰ জনসাধাৰণে।

Your Comments