লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলামৰ প্রতিবেদন :
মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ নাকত তলতেই চলি আহিছে অবৈধ জুৱাৰ ৰমৰমীয়া বেহা। একাংশ দুষ্টচক্ৰই দীৰ্ঘদিন ধৰি ভূৰাগাও আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত দিন দুপৰতে চলাই আহিছে এই অবৈধ জুৱা। শেহতীয়াকৈ এই জুৱা খেলৰ প্ৰতি আসক্ত হোৱা দেখা গৈছে বহু কলেজীয়া ছাত্রৰ লগতে বহু শিক্ষিত উদীয়মান যুৱকক। নৈপৰীয়া অঞ্চলটোত এনে জুৱাৰ দৰে অসামাজিক কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পোৱাত অঞ্চলটোৰ পৰিবেশ বিনষ্ট হোৱাৰ আশংকাত সংকিত হৈ পৰিছে অঞ্চলটোৰ সচেতন মহল। কিন্তু কাৰ স্বাৰ্থত আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে এতিয়ালৈ কোনো অভিযান চলোৱা নাই। জুৱাৰ কিছু অংশৰ ধন আৰক্ষীৰ হাতলৈয়ো যায় নেকি? এয়াই অঞ্চলটোৰ সচেতন মহলৰ এই মূহুৰ্তৰ কোটি টকীয়া প্ৰশ্ন।
- Log in to post comments
- 13 views