লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
বহু প্ৰতীক্ষাৰ অন্তত ৩১ আগষ্টতত প্ৰকাশ পালে এন আৰ চিৰ পূৰ্ণাংগ তথা চূড়ান্ত তালিকা ।আৰু এই তালিকা প্ৰকাশৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হোজাই জিলাৰ ৯২ নং লামডিং সমষ্টিৰ অন্তৰ্গত কাকী খ্ৰিং খ্ৰিং অঞ্চলত ।এই গাঁৱখনৰ তিনি হাজাৰ লোকৰ ভিতৰত আঠশৰ পৰা এক হাজাৰ লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । গাঁওবাসীৰ অভিযোগ সঠিক তথ্য প্ৰমাণ জমা দি একাধিকবাৰ শুনানিত অংশ গ্ৰহণ কৰাৰ পিছতো প্ৰায় এক সহস্ৰধিক লোকৰ নাম নাই এই এন আৰ চিত । অভিযোগ অনুসৰি অঞ্চলটোত বসবাস কৰা প্রায় ১ হাজাৰ থলুৱা হিন্দু লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ তালিকাত ।তাৎপৰ্যপূৰ্ণ বিষয় এইয়ে যে,হোজাই জিলাৰ লামডিং সমষ্টিৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকী খ্ৰীং খ্ৰীংত বসবাস কৰা লোক সকলৰ ১৯৬৫ চনৰ উপযুক্ত নথিপত্ৰ থকাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ তালিকাৰ পৰা প্ৰায় ১০০০ লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাত এতিয়া উক্ত লোকসকল আতংকিত হৈ পৰাৰ লগতে হতাশাত ভাঙি পৰিছে তেওঁলোকৰ পৰিয়াল। উপায় বিচাৰি হাহাকাৰ কৰিছে।এন আৰ চিৰ পৰা নাম বাদ পৰা বহু ৰাইজ ওলাই আহি আজি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। উক্ত লোকসকলৰ অভিযোগ উপযুক্ত প্ৰমাণ পত্ৰ থকাৰ পিছতো কাৰ গাফিলতিৰ বাবে তেওঁলোকৰ নাম চুড়ান্ত তালিকাৰ পৰা বাদ পৰিল তেওঁলোকক বিচাৰি উলিয়াই শাস্তি দিয়াৰ লগতে ভুক্তভোগী সকলক শীঘ্ৰেই ন্যায় দিয়াৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰে।
- Log in to post comments
- 7 views