জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
শোনিতপুৰ জিলাৰ কৃষ্টি সংস্কৃতিৰ সাৰুৱা ভুমি জামুগুৰি হাটৰ ধলাইবিলৰ পৰা বিগত বৰ্ষত আত্মপ্ৰকাশ কৰা“ শ্ৰী ভাগ্যলক্ষ্মী থিয়েটাৰ” নামৰ ভ্ৰাম্যমাণ নাট্য দলটিৰ আজি বিয়লি আখৰাগৃহৰ দ্বাৰ উন্মোচন কৰা হয় ৷ এই উপলক্ষে ভ্ৰাম্যমাণ নাট্য দলটিৰ মূখ্য প্ৰযোজক চন্দ্ৰকমল বৰাৰ ধলাইবিল গাঁওস্হিত বাসভৱন চৌহদত নিৰ্মিত আখৰা গৃহটিৰ দ্বাৰ উন্মোচন কৰে একালৰ ভ্ৰাম্যমান নাট্যদলৰ যশস্বী অভিনেতা তথা মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ, অসমৰ জামুগুৰি আঞ্চলিকৰ সভাপতি খগেন বৰাই ৷ উন্মোচক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে অভিভক্ত শোণিতপুৰ জিলাৰ পৰা যোৱাটো বৰ্ষত জন্মলাভ কৰা একমাত্ৰ ভাম্যমান নাট্যদল শ্ৰী ভাগ্যলক্ষ্মী থিয়েটাৰে নিজৰ প্ৰথমটো যাত্ৰা পথতে সমগ্ৰ অসমবাসী নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰ্শীবাদ বুটলিবলৈ সক্ষম হৈছে ৷বিগত বৰ্ষত নাট্য দলটোৰ লগত জড়িত অভিনেতা অভিনেত্ৰী সকলে নিজৰ প্ৰতিভা তথা অভিনয় কৌশলেৰে দৰ্শক ৰাইজৰ মন মোহিবলৈ সক্ষম হৈছিল ৷ চলিত বৰ্ষটোত নাট্যদলটোৱে নিৰ্ব্বাচন কৰি লোৱা অসমৰ কেইবাগৰাকীও যশস্বী নাট্যকাৰৰ আকৰ্ষণীয় বাস্তবধৰ্মী নাটকৰ জৰিয়তে নাট্যপ্ৰেমী দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি দৃঢ় মত প্ৰকাশ কৰে উন্মোচক খগেন বৰাই ৷ ইয়াৰ উপৰিও “শ্ৰী ভাগ্যলক্ষ্মী থিয়েটাৰে অসমৰ কৃষ্টিৰ পথাৰত সংস্কৃতিৰ এক শৌধ নিৰ্মান কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰি উন্মোচক গৰাকীয়ে নাট্য দলটিৰ লগত জড়িত সমুহ অভিনেতা, অভিনেত্ৰী, শিল্পী, কলাকুশলীক উৎসাহ তথা অনুপ্ৰেৰণা যোগায় ৷ উল্লেখ্য যে অঞ্চলটোৰ সৰবৰহী যুৱ সমাজকৰ্মী চন্দ্ৰকমল বৰাৰ প্ৰযোজনা আৰু বিউটি বৰাৰ পৰিকল্পনাৰে বিগত বৰ্ষত আত্মপ্ৰকাশ কৰা ভাগ্যলক্ষ্মী থিয়েটাৰে প্ৰথম যাত্ৰাপথত বহু বাধা বিঘিনি অতিক্ৰম কৰিও সফল ভাবেই যাত্ৰাৰ সামৰণি মাৰিবলৈ সক্ষম হোৱা বুলি আজি মূখ্য প্ৰযোজক গৰাকীয়ে স্হানীয় ৰাইজ তথা শুভাকাংক্ষী সকলক জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ শতাধিক নাট্যপ্ৰেমী ৰাইজৰ লগতে ভাম্যমান নাট্য দলটোৰ লগত জড়িত অভিনেতা, অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক ও অন্যান্য কলাকুশলী সকলৰ উপস্থিতিত অনুস্থিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি ভ্ৰাম্যমাণ নাট্যদলটিৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে বৰ্ষিয়ান সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভৰত বৰা,সমাজকৰ্মী পদুম বৰা, অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত বিশিষ্ট শিল্পী পূৰ্ণ নাথ, বিশিষ্ট অভিনেতা নাট্যকাৰ, পৰিচালক তথা জামুগুৰি এক্টিং একাডেমিৰ অধ্যক্ষ শিশিৰ বৰঠাকুৰ, অসমীয়া কথাছবি নিৰ্মাতা তথা প্ৰযোজক, পৰিচালক লিখক নাথ, শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদে ৷ অনুষ্ঠানটিত ভাম্যমান নাট্য দলটিয়ে আগুন্তক বৰ্ষ (২০১৯-২০)ৰ বাবে মঞ্চস্থ কৰিবলৈ লোৱা নাট্যকাৰ ভবেন বৰুৱা ৰচিত “গাভৰু নোহোৱাই ভাল” , নাট্যকাৰ অনন্ত দত্তৰ “দেউতাৰ চকুপানী”আৰু যশস্বী নাট্যকাৰ অজন্ত পূঁজাৰী ৰচিত “ চক্ৰবেহু” নামৰ নাটক খনৰ আখৰাৰ শুভউদ্বোধন কৰি জামুগুৰিহাটৰ প্ৰাক্তন সাংবাদিক, ছিলাবন্ধা মৌজাৰ মৌজাদাৰ, তথা বিশিষ্ট অভিনেতা শৈল্যন বৰকটকীয়ে অভিনেতা, অভিনেত্ৰী সকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে। নিজ ব্যক্তব্যত বৰকটকীয়ে কয়- ভ্ৰাম্যমাণ নাট্য দল “শ্ৰী ভাগ্যদেৱী থিয়েটাৰৰ” সৈতে জড়িত দুই গৰাকী পৰিচালক ক্ৰমে শিশিৰ বৰঠাকুৰ আৰু বিশ্বজিৎ নাথৰ সমগ্ৰ অসমতে এক সুকীয়া পৰিচয় আছে ৷ দুয়ো গৰাকী অসমৰ নাট্য জগতত সুদক্ষ পৰিচালক, অভিনেতা আৰু নাট্যকাৰ ৰূপে পৰিচিত বুলিও মন্তৱ্য কৰে শৈল্যন বৰকটকীয়ে ৷ শ্ৰী ভাগ্যলক্ষ্মী থিয়েটাৰখনিত শংকৰদেৱ কথাছৱিৰ উপৰিও আন কেইবাখনো কথাছৱিত অভিনয়ৰ জৰিয়তে অসমৰ দৰ্শক ৰাইজৰ মাজত নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰা ধৰ্মেশ্বৰ হাজৰিকা, “ইটো সিটো বহুটো” আৰু “ বৰুৱাৰ সংসাৰকে” ধৰি বহুকেইখন টি,ভি ধাৰাবাহিকত হাস্যৰসী অভিনয়ৰ জৰিয়তে ইতিমধ্যেই দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰা কৌতুক অভিনেতা জান তামুলি , বিশ্বজিৎ নাথ ,প্ৰনৱ বৰাৰ লগতে নৱাগত কেইবাগৰাকী অভিনেতা অভিনেত্ৰীয়ে শ্ৰী ভাগ্যলক্ষ্মী থিয়েটাৰত অভিনয় কৰিব বুলি জানিবলৈ দিয়ে মূখ্য প্ৰযোজক চন্দ্ৰ কমল বৰাই ৷
- Log in to post comments
- 16 views