ফৰকাটিং জুনিয়ৰ কলেজত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

forkating

গোলাঘাটৰ পৰা মুন বৰাৰ প্রতিবেদন :

মঙলবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটোক সমগ্ৰ অসমবাসীৰ লগতে গোলাঘাটৰ ফৰকাটিং জুনিয়ৰ কলেজেও অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰে। সেই উপলক্ষে পুৱা ৪-৩০ বজাত ফৰকাটিং কলেজ তিনিআলিৰ পৰা ল'ৰাৰ আৰু ছোৱালীৰ মাৰাথানৰ ফ্লেগ অফ কৰে মহাবিদ্যালয়খনৰ পৰিচালন সঞ্চালক ড° মণিষা বৰুৱাই। ছোৱালীৰ হাফ মাৰাথান প্ৰতিযোগিতাত  প্ৰিয়া কুমাৰী গুপ্তাই প্ৰথম,তুলিকা গগৈ দ্বিতীয় আৰু হিমাদ্ৰী ৰাজখোৱাই তৃতীয় স্থান লাভ কৰে । একেদৰে,  ল'ৰাৰ মাৰাথান শাখাত বিষ্ণুজ্যোতি শইকীয়া প্ৰথম , যোগেশ বৰা দ্বিতীয় আৰু বিকাশ শইকীয়াই তৃতীয় স্থান লাভ কৰে। মাৰাথানৰ অন্তত কলেজ প্ৰাঙ্গণত পুৱা ৯  বজাত প্ৰৱাল শইকীয়া, ৰাহুল শইকীয়া আৰু আতিকুৰ আলম হাজৰিকাৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সহজ ব্যায়াম আৰু প্ৰাণায়াম প্ৰদৰ্শন কৰা হ'য়। প্ৰায় তিনি শতাধিক ক্ৰীড়া প্ৰেমীৰ উপস্থিতিত আয়োজিত  হোৱা অনুষ্ঠানটিত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে বক্তব্য ৰাখে মহাবিদ্যালয় খনৰ পৰিচালন সঞ্চালক ড° মণিষা বৰুৱাৰ লগতে বিষয় শিক্ষক লীলাকান্ত গগৈ ,কাকুমনি গগৈ আৰু অংকিতা ফুকনে।

Your Comments