লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্রতিবেদন :
লাহৰীঘাটৰ ফুলতলিত ডঃ আমিন হোমিওপেথিক কেয়াৰ এণ্ড ৰিছাৰ্জ চেন্টাৰ নগাঁও আৰু এ জে হোমিও ক্লিনিক ফুলতলিৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হোৱা বিনামূলীয়া চিকিৎসা শিবিৰৰ সুকলমে সামৰণি পৰে। এই বিনামূলীয়া চিকিৎসা শিবিৰত মুঠ ৫২ জন ৰোগীক বৃক্কৰ পাথৰ ,কেঁচু মৰীয়া ,ডায়েবেটিছ ,মহিলাৰ বগা স্ৰাব আৰু অন্যান্য ৰোগৰ ১২ গৰাকী ৰোগীক বিনামূলীয়া চিকিৎসাৰ লগতে ঔষধৰো যোগান ধৰা হয়। উল্লেখ্য যে এই বিনামূলীয়া চিকিৎসা শিবিৰত সেৱা আগবঢ়োৱা চিকিৎসক সকল ক্ৰমে ডঃ আমিনুল ইছলাম খন্দকাৰ (এম ডি হোমিও), ডাঃ গিয়াছ উদ্দিন বৰভূঞা , ডাঃ জিয়াউৰ ৰহমান সহ একাংশ সহকাৰী চিকিৎসকে । হোমিওপেথিক প্ৰতিষ্ঠান দুটাৰ এনে মহৎ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ লোকে।
- Log in to post comments
- 7 views