নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
অসম সাহিত্য সভাৰ আগন্তুক ২০২২ বৰ্ষৰ পূৰ্ণাংগ অধিৱেশন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত অনুষ্ঠিত কৰাৰ মানসেৰে সোমবাৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত একত্ৰিত হ'ল চাৰিটাকৈ শাখা । এই উপলক্ষে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আয়োজিত সভাত সভাপতিত্ব কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই । অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক তথা বিশিষ্ট কবি কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা সভাত সোণাই নদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভা,জাজৰি শতদল শাখা সাহিত্য সভা আৰু চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া,সদস্যসকল আৰু অঞ্চলটোৰ আজীৱন সদস্যসকল একত্ৰিত হোৱাৰ লগতে গুৰুজনাৰ পূণ্যধামৰূপে খ্যাত অঞ্চলটোত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখন ২০২২ বৰ্ষত আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সভাত বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱা,ধীৰ সিং পাটৰ,গজেন ৰাজখোৱা,নৰেন ডেকা,নাৰায়ণ দাস,সাবিত্ৰী বৰা,দিলীপ কুমাৰ বৰা,ইয়াচিন আলী,ছামচুল হক,নুৰ জামাল আনচাৰী,অজিত বৰা,প্ৰভাত বৰা,অতুল মহন্ত,প্ৰশান্ত ভৰালী,লক্ষ্যধৰ তালুকদাৰ,গিৰীশ বৰুৱা,উপেন শইকীয়া,জ্যোতি বৰা,পদুম কলিতা,দিব্য জ্যোতি বৰুৱা,মিন্টু দাস,কিনকিন মহন্ত আৰু পংকজ কলিতাকে ধৰি দুই শতাধিক ৰাইজ উপস্থিত থাকে । সভাৰ আৰম্ভণিতে আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰে বিশিষ্ট শিক্ষাবিদ সত্ৰীয়া সংস্কৃতি
সাধক তথা বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সচিব উপেন্দ্ৰ নাথ বৰাৰ মৃত্যুত এটি শোক প্ৰস্তাৱ পাঠ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।
- Log in to post comments
- 11 views