নলবাৰীত সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা আৰম্ভ

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
২ আগষ্টৰ পৰা নলবাৰীত আৰম্ভ হৈছে সদৌ অসম শিশু নাট প্ৰতিযোগিতা। উল্লেখ্য যে স্বনামধন্য নাট্যকাৰ,পৰিচালক, অভিনেতা ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ২০০৯ ইং বৰ্ষৰ পৰা নলবাৰীত অনুষ্ঠিত  কৰি আহিছে। নলবাৰী নাট্য মন্দিৰত আনুষ্ঠানিকভাৱে এই নাট প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট মঞ্চ আৰু চলচিত্ৰ অভিনেতা-পৰিচালক যতীন বৰাই। উদ্বোধনী ভাষণ প্ৰসংগত ভ্ৰাম্যমাণৰ অভিনয় জগতত  তেওঁক ১৯৯৪ চনত নলবাৰীৰ নাট্যকাৰ ভবেন বৰুৱাই প্ৰৱেশ কৰাইছিল বুলি কয় যতীন বৰাই। প্ৰকৃত নাট্য যুদ্ধ যে নলবাৰীৰ পৰাই আৰম্ভ হয় সেয়া তেতিয়াৰ পৰাই ভালদৰে বুজি উঠিছিল বুলিও তেওঁ উল্লেখ কৰে। তেওঁ নলবাৰীক নাট্য নগৰী বুলিও আখ্যা দিয়ে। বিশিষ্ট অভিনেতাগৰাকীয়ে নিৰ্মীয়মান ‘ৰত্নাকৰ’ বোলছবিখনৰ সংলাপ আওৰাই নাট প্ৰতিযোগিতাখন উদ্বোধন কৰে। নাট পৰিচালনা সমিতিৰ সভাপতি গণেশ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে নলবাৰী জিলাৰ পূৰ্বৰ আৰক্ষী অধীক্ষক আবু চুফিয়ানে।অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, অভিনেতা কিশোৰ দাস আদিও উপস্থিত থাকে। আৰম্ভণিতে ভবেন বৰুৱাৰ প্ৰতিকৃতিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পুত্ৰ সাগৰজ্যোতি বৰুৱাই। প্ৰথম নিশা চাৰিখন নাট মঞ্চস্থ হয়।দ্বিতীয় দিনাৰ নাট প্ৰতিযোগিতাৰ নাটসমূহ হ’ল-নৰেন চকীদাৰ (ৰংঘৰ নাট্য বিদ্যালয়, নলবাৰী),পৰীক্ষা(সাৰথি নাট্যদল,টিহু ),যমপুৰী ( ৰংঘৰ কলাকেন্দ্ৰ, জাপাৰকুছি),চিকমিক আকাশৰ তৰা(দীনবন্ধু নাট্য গোষ্ঠী, নলবাৰী),দূৰদৰ্শনত আমাৰ ছবি(অনাথ বিকাশ কেন্দ্ৰ, নলবাৰী) আৰু মথাউৰিত এজাক পখিলা( মঞ্চ প্ৰদীপ,বেতকুছি,গুৱাহাটী)। প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি  ২০১৯ বৰ্ষৰ বাবে ভবেন বৰুৱা বঁটা প্ৰদান কৰা হ’য় বিশিষ্ট নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, অভিনেতা দাৰা আহমেদক ।

Your Comments