বঙাইগাঁওঃ
দেশ জুৰি চলি থকা পোষণ অভিযানৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁৱতো 'পোষণ মাহ 'কাৰ্যসূচীৰ শুভাৰম্ভণি উপলক্ষে এক শোভা যাত্ৰা উলিওৱা হয় । এই শোভা যাত্ৰাৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত আদিল খানে ৷ জিলা উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত জিলাখনৰ সকলোকে পোষণ অভিযানত যোগদান কৰি শিশু সকলোৰ সুস্বাস্থ্যৰ হকে অৰিহণা যোগাবলৈ আহ্বান জনায় ৷ উপায়ুক্তগৰাকীয়ে লগতে কয় যে পোষণ অভিযান কেৱল চৰকাৰী কাৰ্যসূচী নহয় । ই হ'ল এটা আন্দোলন । নৱজাতক শিশুৱে যাতে সুস্বাস্থ্য লাভ কৰিব পাৰে, প্ৰতি গৰাকী প্ৰসূতী মাতৃয়ে যাতে পুষ্টিকৰ খাদ্য পায়, কোনো শিশু আৰু বিশেষকৈ কন্যা শিশু তথা কিশোৰীয়ে ৰক্তহীনতাত নোভোগে-তাৰ বাবে তেওঁলোকে পুষ্টি লাভ কৰাটো অপৰিহাৰ্য । সেয়ে সমাজ আৰু পৰিয়ালৰ সকলোৱে এই জন জাগৰণত ভাগ লোৱাটো উচিত ৷ উল্লেখ্য যে বিগত ২০১৮ চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পুষ্টি অভিযানকে 'পোষণ অভিযান' বুলি কোৱা হৈছে ৷ এই অভিযানৰ অধীনত চলিত ছেপ্টেম্বৰ মাহটো 'পোষণ মাহ' হিচাপে পালন কৰা হৈছে । এই মাহজোৰা কাৰ্যসূচীৰ যোগেদি শিশুৰ শুকাই খীণাই যোৱা ( ৱেষ্টিং), মুজুৰা খৰা (ষ্টান্টিং), ৰক্তহীনতা আৰু ওজন কম হোৱা এই চাৰিটা সমস্যাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে । কাৰণ পুষ্টিহীনতাই বৰ্তমান ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে বছৰি দেশত পাঁচ বছৰৰ তলৰ প্ৰায় ৩০ লাখ শিশুৰ মৃত্যু হয় । চতুৰ্থ ৰাষ্টীয় পৰিয়াল স্বাস্থ্য জৰীপৰ মতে অসমত পাঁচ বছৰৰ তলৰ ৩৬.৪ শতাংশই ষ্টান্টিং, ১৭ শতাংশই ৱেষ্টিং আৰু ২৯.৮ শতাংশই কম ওজনত ভুগিছে । উক্ত জৰীপ অনুসৰি বঙাইগাওঁ জিলাত এই পৰিমাণ যথাক্ৰমে ৩৯.১ শতাংশ, ২৩.৬ শতাংশ তথা ৩২.৯ শতাংশ বুলি কোৱা হৈছে । কাৰ্যসূচীত সমাজ কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, জনস্বাস্থ্য কাৰিকৰী বিভাগ , গ্ৰাম্য জীৱিকা মিছন, স্বাস্থ্য বিভাগ আদিৰ বিষয়াসকলৰ লগতে বহুসংখ্যক আশাকৰ্মী, অংগনৱাডী কৰ্মী, এ এন এম, জীৱিকা সখী, স্বচ্ছাগ্ৰহী আৰু অন্যান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 32 views