শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
প্ৰয়োজনীয় পুষ্টিৰ যোগানেৰে শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে যোৱা ১ ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে মঙলবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন প্ৰস্তুতিমূলক তথা জিলা সমন্বয় সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকৰ অধ্যক্ষতা কৰে জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱালে ।
বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে।
বৈঠকত পোষণ মাহ উপলক্ষে মাহজোৰা জিলা তথা খণ্ড পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ তালিকা চূড়ান্ত কৰা হয়।
জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত পোষণ মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ সমূহ সংশ্লিষ্ট বিভাগক পোষণ মাহৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰি এই অভিযানক জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
বৈঠকত জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে শিশু, কিশোৰ আৰু মহিলা সকলক অপুষ্টিহীনতাৰ পৰা মুক্ত কৰি সুস্থ আৰু সবল কৰাৰ লক্ষ্যৰে উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱায়।
- Log in to post comments
- 19 views