সোণাৰীৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :
চৰাইদেউ জিলাৰ সোঁমাজেৰে পাৰহৈ যোৱা জিলাখনৰ যাতায়তৰ মেৰুদণ্ড স্বৰূপ ঐতিহাসিক ধোদৰ আলিৰ উন্নয়নৰ আধাৰশিলা আজি স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।সোণাৰি নগৰৰ ভজো চাৰিআলিৰ সমীপত আজি এই আধাৰশিলা স্থাপন কৰা হয়।
অসম চৰকাৰৰ গড়কাপ্টানী পথ বিভাগৰ ২০১৯-২০ বৰ্ষৰ এচ ও পি ডি শিতানত সম্পন্ন কৰিব ধোদৰ আলিৰ উন্নয়নৰ কাম।
২৯ কিলোমিটাৰৰো অধিক গড়মূৰৰ পৰা বানফেৰালৈকে এই পথছোৱা চৰাইদেউ গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডল সোণাৰিৰ অধীনত সম্পন্ন কৰা হ’ব বুলি কয়।গড়কাপ্টানী পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা তৰুণ চন্দ্ৰ হাজৰিকাই আদৰণী ভাষণ আগবঢ়োৱা আজিৰ সভাখনত উপস্থিত থাকে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বড়া, এ পি জি চি এলৰ সঞ্চালক মণ্ডলী অনুপ সিং ৰাজপুৰুহিত, সোণাৰি পৌৰসভাৰ সভানেত্ৰী প্ৰণিতা পাংগিং, উপ সভাপতি গিৰীণ গগৈ, জনসংযোগ বিষয়া জয়ন্ত মাউটকে আদি কৰি সোণাৰিৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।
- Log in to post comments
- 6 views