শিৱসাগৰত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতিৰ বৈঠকৰ সামৰণি

bgn

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

 যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা চ্যুকাফা সভাকক্ষত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা)ৰ দ্বিতীয় আৰু অন্তিম দিনৰ বৈঠক অনুষ্ঠিত হয়। 
বৈঠকত সাংসদ গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন জনহিতকৰ আৰু উন্নয়নমুখী আঁচনিৰ অগ্ৰগতিৰ বিস্তৃতভাৱে বুজ লয়। আজিৰ বৈঠকত বিভিন্ন বিভাগ যেনে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি, জলসিঞ্চন, ভূমি সংৰক্ষণ, বন (টেৰীটৰিয়েল আৰু সামাজিক বনানিকৰণ), পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ জৰিয়তে ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে বিষদভাৱে পৰ্যালোচনা কৰা হয়। আলোচনা কালত সাংসদ গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

sib
বৈঠকত সহ-অধ্যক্ষৰূপে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অধ্যক্ষ গগৈয়ে স্থানীয় যমুনা সমূহৰ চাফাই অভিযান অতিশীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰি কয় যে, এই যমুনাসমূহৰ সৌন্দৰ্য্যবৰ্ধন কৰি এই সমূহক পৰ্যটকৰ আকর্ষণৰ কেন্দ্ৰ ৰূপে গঢ় দিয়া হ'ব।  যমুনাৰ পাৰত কোনো চৰকাৰী বিভাগৰ দ্বাৰা কোনো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব দিয়া নহয় বুলিও অধ্যক্ষ গৰাকীয়ে সদৰি কৰে।
সহ-অধ্যক্ষ তাছাই স্বাস্থ্য বিভাগক জিলাখনৰ চাহ বাগিচা এলেকা আৰু ভিতৰুৱা অঞ্চল সমূহত বিভিন্ন প্ৰাণ-নাশক বেমাৰৰ বিষয়ে বিস্তৃতভাৱে সজাগতা কাৰ্যসূচী চলাবলৈ পৰামৰ্শ প্ৰদান কৰে। তেওঁ লগতে অবৈধ সুৰাৰ বিৰুদ্ধেও অভিযান ক্ষিপ্ৰতৰ কৰাৰ বাবেও প্ৰশাসনক আহ্বান জনায়। 
সভাত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত নিৰ্মূল কৰাৰ সম্ভাব্য প্ৰণালীৰ বিষয়ে আলোচনা কৰা হয়। জিলাখনৰ সংৰক্ষিত বনাঞ্চল সমূহত চলা অবৈধ বন-ধ্বংস কাৰ্য্য বন্ধ কৰাৰ বাবে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈঠকত কোৱা হয়। তদুপৰি, বৈঠকত জিলাখনত বিস্তৃতভাৱে বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰাৰো পোষকতা কৰা হয়।
অধ্যক্ষ গৰাকীয়ে লগতে কৃষক সকলক অধিক উপকৃত কৰাৰ উদ্দেশ্যে কৃষি, জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগক সু-সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়। 
শিৱসাগৰ জিলাক বিশ্ব ঐতিহ্য ক্ষেত্ৰত সন্নিবিষ্ট কৰাৰ অৰ্থে পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা আৰু পুৰাতত্ব বিভাগক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ অধ্যক্ষ গৰাকীয়ে পৰামৰ্শ দিয়ে। 
সভাৰ অন্তত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলিৰ অকাল বিয়োগত শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয়।
আজিৰ বৈঠকত শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱাল, অতিৰিক্ত উপায়ুক্ত বিদিত দাসৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Your Comments