বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ,কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ 

bgn

বঙাইগাঁওঃ

কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত টাউন হলত অনুষ্ঠিত হয় ৷ সংগঠনটোৰ সভাপতি অতুল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাই ৰাজ্য সভাৰ আসনৰ বাবে অসমত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তিক শাসকীয় দলৰ পৰা প্ৰতিনিধি প্ৰদানৰ কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ সেইদৰে লোক সভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত গঠিত মন্ত্ৰী গোটৰ লগত হোৱা জনগোষ্ঠীয় সংগঠনসমূহৰ আলোচনাৰ প্ৰতিবেদন অনতি পলমে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ দাবীত অক্টোৱৰ মাহৰ ভিতৰত গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কত আলোচনাৰ বাবে বিভিন্ন কোচ ৰাজবংশী সংগঠন আৰু বিশেষ ব্যক্তিৰ লগত আলোচনাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু অহা ২৫ চেপ্তেম্বৰত ধুবুৰী জিলাৰ গোলকগঞ্জত সংগঠনটোৰ এখন কেন্দ্ৰীয় প্ৰতিনিধি সভাৰ আয়োজন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তথা সিদ্ধান্ত গ্ৰহণ কৰা বুলি সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৷

Your Comments