হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাই জিলাৰ নীলবাগানৰ এটি বন্ধ কোঠাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ নিলবাগানৰ এটা ঘৰৰ কোঠাৰ পৰা উলোৱা দূৰ্গন্ধত স্থানীয় ৰাইজৰ সন্দেহ উপজাত ৰাইজে দৰ্জা ভাঙি সোমাই গৈ প্ৰত্যক্ষ কৰে বিচনাৰ তলত পাৰি থকা এটা অৰ্ধগলীত মহিলাৰ মৃতদেহ।পিছত উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়াত ঘটনাস্হলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও মহিলাগৰাকীৰ কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম নোহোৱাৰ লগতে কেনেকৈ মহিলাগৰাকীৰ মৃত্যু ঘটিল সেই সম্পৰ্কে বৰ্তমানলৈ কোনো ক্লু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
মহিলাগৰাকীৰ কোনো লোকে শ্লীলতাহানী কৰি পিছত হত্যা কৰি বিচনাৰ তলত পেলাই দৰ্জাৰ তলা মাৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্হানীয় ৰাইজে। উল্লেখ যে,যিটো কোঠাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে উক্ত কোঠাটোত এজন ড্ৰাইভাৰ কিছুদিন আগলৈ ভাৰাতীয়া হিচাপে আছিল যদিও বেছ কিছু দিন ধৰি ড্ৰাইভাৰ জন শুংসূত্ৰবিহীন হৈ আছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 62 views