নগাঁৱৰ হাতীচোঙত জাপানীজ এনকেফেলাইটিছত ছাত্ৰ আক্ৰান্ত

encaphe

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁও জিলাৰ বটদ্ৰবা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ হাতীচোং পঞ্চায়তৰ সোণাৰি গাঁৱৰ এজন ছাত্ৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। এই ৰোগত আক্ৰান্ত ছাত্ৰজন হৈছে আকাশ বনিয়া। উল্লেখযোগ্য যে যোৱা ২১ আগষ্টত ছাত্ৰজনক পৰিয়ালৰ সদস্যই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। উক্ত দিনাই চিকিৎসালয়ত থকা DPHL পৰীক্ষাগাৰত ছাত্ৰজনৰ তেজৰ পৰীক্ষা কৰা হয়। DPHL য়ে দিয়া প্ৰতিবেদন অনুসৰি ছাত্ৰজনৰ জাপানীজ এনকেফেলাইটিছ হোৱাটো নিশ্চিত হৈ পৰে। আকাশ বনিয়া বেবেজীয়াৰ সমীপৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ। ১৫  বছৰীয়া আকাশ আৰ্থিকভাৱে অতি দুৰ্বল হোৱাৰ ফলত পৰিয়ালৰ সদস্যই গুৱাহাটীলৈ নি উন্নত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। দৰিদ্ৰ পৰিয়ালটিয়ে ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত স্থানীয় বিধায়িকা আঙুৰলতা ডেকা,  পঞ্চায়ত প্ৰতিনিধি তথা শুভাকাংক্ষীসকলৰ পৰা সহায় বিচাৰিছে।

Your Comments