বঙাইগাঁৱৰ বিশাল মেগা মাৰ্টত যুৱতী গ্ৰাহকক দুৰ্ব্যৱহাৰ : আক্ৰাছুই অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিলে শ্বপিং মল

vishal

বঙাইগাঁওঃ 

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত বিশাল মেগা মাৰ্ট নামৰ শ্বপিং মলটোত এগৰাকী যুৱতী গ্ৰাহকক মলটোৰ কৰ্মচাৰীয়ে সামগ্ৰী চুৰি কৰাৰ অভিযোগত দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিৰ্যাতন চলোৱাৰ ঘটনাৰ প্ৰতিবাদত আক্ৰাছুৱে অনিৰ্দিষ্ট কাললৈ বিশাল মেগা মাৰ্ট বন্ধ ঘোষণা কৰিছে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বঙাইগাঁও চহৰৰ এগৰাকী যুৱতীয়ে লগত দুজনী ভনীয়েককলৈ উত্তৰ বঙাইগাঁওস্থিত বিশাল মেগা মাৰ্ট নামৰ শ্বপিং মলটোত নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বজাৰ কৰি ক্ৰয় কৰা সমাগ্ৰীসমূহৰ ধন আদায় দি শ্বপিং মলটোৰ পৰা ওলাই অহাৰ সময়তে সংঘটিত হয় ঘটনাটো ৷ শ্বপিং মলটোৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী মহিলা কৰ্মচাৰীয়ে কোনো কথাৰ অতাৰণা নকৰি যুৱতীগৰাকীক হাতত ধৰি ড্ৰেচিং ৰূমলৈ লৈ যায় আৰু পিন্ধি থকা কাপোৰৰ ভিতৰত কিবা সামগ্ৰী চুৰি কৰি নিয়া বুলি তালাচী চলায় ৷ এই কাৰ্যত যুৱতীগৰাকী হতভম্ব হৈ পৰাৰ লগতে লজ্জিত হৈ পৰে ৷ লগতে যুৱতীগৰাকীয়ে মহিলা কৰ্মচাৰীগৰাকীক তেওঁ কোনো সামগ্ৰী চুৰি কৰা নাই বুলি কয় যদিও কৰ্মচাৰীগৰাকী যুৱতীগৰাকীৰ কথাত বিশ্বাস নকৰি যুৱতীগৰাকীক পিন্ধি থকা কাপোৰ খুলিবলৈ বাধ্য কৰে ৷ পিছত যুৱতী গ্ৰাহক গৰাকীয়ে শ্বপিং মলটোৰ কৰ্মচাৰীৰ এই কাৰ্যত তীব্ৰ প্ৰতিবাদ জনায় আৰু ইয়াকে লৈ শ্বপিং মলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ শ্বপিং মলটোৰ কৰ্তৃপক্ষৰ এনে ব্যৱহাৰৰ ফলত মলটোত থকা গ্ৰাহক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইপিনে এগৰাকী যুৱতী গ্ৰাহকক শ্বপিং মলটোৰ কৰ্মচাৰীয়ে মিছাকৈ সামগ্ৰী চুৰিৰ অভিযোগত দুৰ্ব্যৱহাৰ আৰু শাৰীৰিক নিৰ্যাতন চলোৱাত আক্ৰাছু কৰ্মীসকল উপস্থিত হয় আৰু এনে নিৰ্লজ্জ ঘটনাৰ প্ৰতিবাদ জনায় ৷ লগতে যুৱতী গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ উত্তৰ বঙাইগাঁৱস্থিত বিশাল মেগা মাৰ্ট বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বিশাল মেগা মাৰ্টৰ কৰ্মী সকলে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইপিনে শুকুৰবাৰে যুৱতী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্বপিং মলটোৰগ্ৰাহকসকলৰ সন্মুখতে কৰ্মচাৰীগৰাকীয়ে মিছাকৈ চুৰিৰ অভিযোগত সংঘটিত কৰা ঘটনাই তেওঁৰ সন্মান হানি কৰিছে আৰু সেয়ে বিষয়টো সন্দৰ্ভত মানহানিৰ গোচৰ ৰুজু কৰিব ৷ ইতিমধ্যে ভুক্তোভোগী যুৱতীগৰাকীয়ে বিষয়টো সন্দৰ্ভত থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছত শুকুৰবাৰে বিশাল মেগা মাৰ্ট বন্ধ থকা পৰিলক্ষিত হয়। এগৰাকী যুৱতী গ্ৰাহকৰ বিৰুদ্ধে মিছাকৈ সামগ্ৰী চুৰিৰ অভিযোগ অনা শ্বপিং মলটোৰ কৰ্মচাৰীৰ এই কাৰ্যত ইতিমধ্যে চহৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ 

ইপিনে বঙাইগাঁও চহৰস্থ বিশাল মেগামাৰ্টত যুৱতী গ্ৰাহকক কৰা অশোভনীয় আচৰণক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈ জিলাৰ সাধাৰণ প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক দাবী জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰাযে ৷ এক প্ৰেছ বিবৃতি যোগে মহাসভাই দোষীক শাস্তি প্ৰদান নকৰালৈকে বিশাল মেগামাৰ্ট ব্যৱসায় প্ৰতিষ্ঠানটো বন্ধ ৰাখিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

Your Comments