বঙাইগাঁৱত বন বিভাগৰ অভিযান : কাঠসহ অবৈধ কাঠ ফলা মিল জব্দ

bgn

বঙাইগাঁওঃ

বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ অধীনৰ বিশেষ বন সুৰক্ষা বাহিনীয়ে শুকুৰবাৰে আবেলিৰ ভাগত বঙাইগাঁৱৰ নগৰীয়া গাঁৱত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰে ৷ আই উপত্যকা বন সংমণ্ডলৰ বন বিষয়াৰ নিৰ্দেশত বন সুৰক্ষা বাহিনী চলোৱা এই অভিযানত কাঠ ফলা মিলটোৰ লগতে কিছু গমাৰি তথা অন্যান্য অবৈধ কাঠো জব্দ কৰে ৷ অৱশ্যে মিলটোৰ গৰাকীক আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগ ৷ পিছত জব্দ কৰা কাঠ ফলা মিলটো আই উপত্যকা বন সংমণ্ডলৰ কাৰ্যালয়লৈ অনাৰ বিপৰীতে কাঠখিনি বন ডিপোলৈ লৈ যায় ৷bgn2

ইপিনে বঙাইগাঁৱৰ চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথত বিশেষ বন সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত চালানত উল্লেখিত  নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক পৰিমাণে চেন্ট গ্ৰেভেল কঢ়িওৱা দুখন ডাম্পাৰ জব্দ হয় ৷ বন বিভাগে জব্দ কৰা এ এচ ১৬ এচি -০৪১৩ আৰু এ এচ ১৬ এচি- ০৪১৫ নম্বৰৰ ডাম্পাৰ দুখনে অতিৰিক্তভাৱে চেন্ট গ্ৰেভেল কঢ়িয়াই গোৱালপাৰালৈ বুলি গৈ আছিল ৷ পিছত জব্দ কৰা ডাম্পাৰ দুখন বন সুৰক্ষা বাহিনীয়ে বৰপাৰাস্থিত আই উপত্যকা বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আহে ৷

Your Comments