হোজাইত বিবেকানন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ এবছৰীয়া জয়ন্তী পালন 

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লংকা চহৰৰ মাজমজিয়াত স্থাপন কৰা স্বামী বিবেকানন্দ-প্ৰতিমূৰ্তিটো স্থাপনৰ বৃহস্পতিবাৰে এবছৰ পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত কৰা হয় এক বৰ্ষপুৰ্তি অনুষ্ঠানৰ ।  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লংকা শাখাৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠান।উক্ত অনুষ্ঠানত লংকা অঞ্চলৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তি উপস্হিত থকাৰ লগতে সভাত উপস্থিত থকা লংকাৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তেওলোকৰ মূল্যবান ভাষণ প্ৰদান কৰে । উক্ত অনুষ্ঠানত লংকাৰ বিদ্যালয় সমূহৰ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা দিয়া হয় বুলি উদ্যোগতা সকলে জানিব দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা,কুইজ,চিত্ৰাংকন,সাংস্কৃতিক প্ৰতিযোগিতা আদিও অনুষ্ঠিত হয় বুলি জানিব দিয়ে ।উক্ত অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক গনেশ মুণ্ডায়ো উপস্হিত থাকে |

Your Comments