মাজুলী চৰ উন্নয়ন প্ৰকল্পৰ স্থায়ী কাৰ্যালয় ভৱনৰ উদ্বোধন

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলীৰ জিলা সদৰ গড়মূৰত আজি মাজুলী চৰ উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ স্থায়ী ভৱনটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই। উপায়ুক্ত মিশ্ৰই বন্তি প্ৰজ্বলন, উন্মোচনী ফলক অনাৱৰণ আৰু ফিতা কাটি নতুন কাৰ্যালয়ত গৃহপ্ৰৱেশৰ শুভাৰম্ভ কৰে। গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ সমীপত প্ৰায় ৫২ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰা মাজুলী চৰ উন্নয়ন প্ৰকল্পৰ এই স্থায়ী কাৰ্যালয়গৃহৰ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় চিন্ময় নাথ,  উৎপল দলে,  ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্ত অচ্যুৎ বৰুৱা, হিমাদ্ৰী বৰা আৰু ভাৰপ্ৰাপ্ত চৰ উন্নয়ন প্ৰকল্প বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত বিভাষ পাঠক, মাজুলীৰ গড়কাপ্টানী (গ্ৰাম্য পথ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস,  জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱা, উজনি মাজুলীৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাকে ধৰি কেইবাগৰাকী বিষয়া আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে কয় যে বিগত তিনি বছৰত মুখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত মাজুলী জিলাত আৰম্ভ হোৱা উন্নয়নৰ ধাৰাত চৰ উন্নয়ন প্ৰকল্পটোৰ নতুন স্থায়ী কাৰ্যালয়টোৱে এক নতুন মাত্ৰাৰ সংযোজন ঘটালে। এই নতুন আৰু স্থায়ী কাৰ্যালয়গৃহৰ পৰা প্ৰকল্পটোৰ বিষয়া আৰু কৰ্মচাৰীসকলে মাজুলীৰ চৰ-চাপৰিৰ ৰাইজক অধিক উৎসাহ আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই জিলাখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাত বৰঙণি আগবঢ়াবলৈ সক্ষম হ'ব বুলি উপায়ুক্ত মিশ্ৰই আশা প্ৰকাশ কৰে। উল্লেখ্য যে, মাজুলী চৰ উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়টো ১৯৮২ চনৰ ২২ আগষ্টতে মুকলি কৰা হৈছিল। তেতিয়াৰে পৰাই গড়মূৰত এটা ভাড়াঘৰত এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোৰ কামকাজ চলি থকাৰ সুদীৰ্ঘ ৩৭ বছৰৰ পাছত কাৰ্যালয়টোৱে এতিয়া অতি সুন্দৰ স্থায়ী গৃহ লাভ কৰিলে।

Your Comments