ধনশিৰি মহকুমাৰ নাওজানত বিদেশী ন্যায়ধীকৰণৰ নিৰ্দেশত বিদেশী আটক

sarupathar

সৰু পথাৰৰ পৰা নবীন বৰাৰ প্রতিবেদন :

বিদেশী ন্যায়ধীকৰণে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওজান ২ নং কৰিগাঁওৰ আলী বক্সৰ পুত্ৰ ইদৃশ আলিক বিদেশী  ঘোষনা কৰিছিল। আনহাতে ২০১৮ চনৰ কেইবাটাও  শুনানীত ইদৃশ আলী উপস্থিত নথকাত আদলতে ইদৃশ আলীক গ্ৰেপ্তাৰ কৰিবৰ বাবে নিৰ্দেশ দিয়ে। আজি সীমান্ত আৰক্ষীৰ এটা দলে ইদৃশ আলীক গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনচন কেম্পলৈ  লৈ যায়। 

ইফালে ঠেলা চলাই  জীৱন নিৰ্বাহ কৰা  ইদৃশ আলীয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অহা সময়তহে জানিব পাৰে যে তেওঁক বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি। মনকৰিবলগীয়া যে নামনি অসমত সীমান্ত আৰক্ষীৰ তদন্তকাৰী বিষয়াই তদন্তত কৰা গাফিলতিৰ বাবে স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ অহা পাছত নাওজান  ২ নং কৰিগাঁওৰ ইদৃশ আলীক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰাৰ পাছত আজি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে৷

Your Comments