নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
নলবাৰী জিলাৰ বাহঁজানীৰ চান্দুকুছিস্থিত নলবাৰী পলিটেকনিকেল ইনষ্টিটিউট (কনিষ্ঠ অভিযান্ত্ৰিক মহাবিদ্যালয়)ৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে বিগত এঘাৰমাহে দৰমহা নোপোৱা, দৰমহা নিয়মীয়াকৰণ, চাকৰি নিয়মীয়া কৰা আৰু পি এফৰ দাবীত আজিৰ পৰা তিনিদিনকৈ কৰ্মবিৰতি আৰম্ভ কৰিছে। উল্লেখ্য যে কাৰিকৰী শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰা আৰু এচাম নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ উদ্দেশ্যে কৰিমগঞ্জৰ এইছ আৰ ডি কোম্পানীৰ অধীনত নলবাৰীৰ পলিটেকনিকেলৰ ৩০জনৰো অধিক কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল। অভিযোগ অনুসৰি বিগত সোতৰ আগষ্টত ৰাজ্যৰ প্ৰায় তিনিশ কৰ্মচাৰী নিজ নিজ কৰ্মস্থলীত অৰ্থাৎ এঘাৰখন পলিটেকনিক ইনষ্টিটিউটৰ সন্মুখত ধৰ্ণা দি প্ৰতিবাদো সাব্যস্ত কৰিছিল যদিও ৰাজ্যৰ পৰিবৰ্তনকামী বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কোনো গুৰুত্ব আৰোপ নকৰিলে। বিশেষকৈ যোৱা এঘাৰমাহে দৰমহা নোপোৱাত কৰ্মচাৰী সকলৰ নাজল নাথল অৱস্থা হৈছে। অৱশেষত আজিৰ পৰা পুনৰ তিনিদিনকৈ কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কৰ্মচাৰী সকলে। কৰ্মবিৰতিৰ স্থানত সংবাদ মাধ্যমক কয় যে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই দাম্ভিক কথা কৈ ৰাইজৰ মাজত চৰ্চালৈ আহিলেই নহ'ব। বিভাগটোৰ ক'ত কি হৈ আছে বা বিভাগৰ কৰ্মচাৰী সকলৰ দুখ বেদনা উপলব্ধি কৰা উচিত বুলি মন্তব্য কৰে।ইয়াৰ পিছতো যদি চৰকাৰৰ গা নলৰে ৰাইজক লৈ তীব্ৰ সংগ্ৰাম কৰাৰ হুংকাৰ দিয়ে কৰ্মচাৰী সকলে।
- Log in to post comments
- 12 views