গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
যোৱা চাৰি বছৰ পূৰ্বে গোলাঘাটৰ শালমৰা অঞ্চলত প্ৰতিষ্ঠিত ডনবস্ক' মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কলিয়াবৰ লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তৰ পূৱৰ বাৰে ৰহনীয়া লোক সংস্কৃতিৰ নৃত্য-গীত প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। প্ৰায় ৩৫০ জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকা শিক্ষানুষ্ঠানটিত ইতিমধ্যে কলা আৰু বিজ্ঞান শিক্ষাৰ পাঠদান চলি থকাৰ লগতে অহা বৰ্ষত বিজ্ঞান শাখাও অন্তৰ্ভুক্ত কৰিব বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 6 views