বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী সমাৰোহ উদযাপনৰ ব্যাপক প্ৰস্তুতি

barvag

নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণী সমাৰোহ অহা ১৪ আৰু ১৫ চেপ্তেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰাৰ ব্যাপক আয়োজন চলিছে। উদযাপনৰ প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰ উদ্বোধন কৰিব চতমা নৰেন্দ্ৰ ৰুদ্ৰবড় চতুষ্পাঠীৰ প্ৰধান অধ্যাপক ইন্দ্ৰ প্ৰসাদ মিশ্ৰ‌ আৰু দামোদৰধাম ধীৰেশ্বৰ বিদ্যালয়, পাণ্ডুলাৰ প্ৰধান অধ্যাপক মদন শৰ্মাই। বন্তি প্ৰজ্বলন কৰিব বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি সতীশ চন্দ্ৰ শৰ্মাই। বৰভাগ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড°বীৰেন্দ্ৰ ডেকাই। সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি নাৰায়ণ ডেকাই। ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰিব ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদিপ ডেকাই। শ্বহীদ তৰ্পণ কৰিব সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি অক্ষয় ডেকাই। স্মৃতি তৰ্পণ কৰিব ক্ৰমে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কনক চন্দ্ৰ হালৈ আৰু বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ শৰ্মাই। বৃক্ষৰোপণ কৰিব বিশিষ্ট উদ্যেগপতি দ্বীপেন বৰুৱাই। ইয়াৰ পিছতে আছে সতীৰ্থ সন্মিলন আৰু আলোচনা চক্ৰ। "বিশ্বায়নৰ ধামখুমীয়াত পৰাম্পৰাগত লোকসংস্কৃতি; প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান" শীৰ্ষক আলোচনচক্ৰখন উদ্বোধন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে। সঞ্চালনা কৰিব বিশিষ্ট সাংবাদিক তথা নিৱন্ধকাৰ হাইদৰ হুছেইনে। সন্ধিয়া জ্ঞানৰ বন্তি প্ৰজ্বলন, আতছবাজি প্ৰজ্বলন, ভগৱান চন্দ্ৰ মজুমদাৰ সোঁৰণী মঞ্চ উদ্বোধন, সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব ।সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিধায়িকা আঙুৰলতা ডেকাই। দ্বিতীয় দিনা উদযাপন সমিতিৰ সভাপতি নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ড° মৃদুল হাজৰিকাই। মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱীৰী, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্য, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কুইন ওজা আৰু বিধায়ক অশোক শৰ্মাই ।সন্ধিয়া আতছবাজি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হ'ব।সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া "সাংস্কৃতিক সন্ধিয়া" উদ্বোধন কৰিব নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।

Your Comments