গোৰেশ্বৰৰ প্ৰতিবেদক :
বিটিএডিৰ জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ আমন্ত্ৰণ মৰ্মে মঙলবাৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ৰাজেন দাস বড়ো,ডেপুটি চেক্ৰেটাৰী পলাশ গোস্বামী, বাক্মা জিলাৰ কাৰ্য্যবাহী অভিযন্তা চামচুল আলামৰ লগতে বহু কেইগৰাকী জলসম্পদ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াই গোৰেশ্বৰ অঞ্চলৰ বেটাগাও,মাৰেগাঁও,হাবিবাৰী,জোকমাৰী আদি গাঁৱত পুঠিমাৰী নৈৰ খহনীয়া আৰু মথাউৰী পৰিদৰ্শন কৰে।বিগত বানত পুঠিমাৰী নৈয়ে এই উক্ত অঞ্চলকেইটাত তাণ্ডৱৰ সৃষ্টি কৰি ৰাইজক আতংকিত কৰি তোলাৰ লগতে ব্যাপক ক্ষতি সাধন কৰিছিল। গড়াখহনীয়াই শ শ কৃষিভূমিৰ লগতে বহু লোকৰ ভেটি মাটিও নিশেষ কৰিছিল।পুঠিমাৰী নৈৰ এনে কালৰূপৰ পৰা অঞ্চলবাসীক ভৱিষ্যতে পৰিত্ৰাণ দিয়াবলৈ অসম চৰকাৰৰ এই উচ্চস্তৰীয় বিষয়া সকলে বিটিএডি ৰ জলসম্পদ বিভাগৰ আমন্ত্ৰণ ৰক্ষা কৰি মঙলবাৰে অঞ্চল সমুহ পৰিদৰ্শন কৰে।
বিষয়া সকলে অহা মাৰ্চ মাহৰ ভিতৰত কেইবাখনো আঁচনি হাতত লৈ পুঠিমাৰী নৈৰ খহনীয়া আৰু মথাউৰী ৰক্ষা কৰিবলৈ চেষ্টা কৰিব বুলিও কৈ যায়। মঙলবাৰৰ এই পৰিদৰ্শন কালতে ই এম মহেশ্বৰ বসুমতাৰীয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব গৰাকীক এছ ডি আৰ অফ আৰু নাবাৰ্ডৰ আচনিৰ জৰিয়তে এই অঞ্চলটোৰ খহনীয়া আৰু মথাউৰী সমুহ মেৰামতি কৰি ৰাইজক উপকৃত কৰিবলৈ অনুৰোধ জনায়৷
- Log in to post comments
- 11 views