নলবাৰী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ "অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ"ত যোগদান

nlb

নৰেন শৰ্মা,বাহাৰঘাট :

আজি নলবাৰী মহাবিদ্যালয়ৰ ২০১৭-১৮ বৰ্ষৰ সহ সাধাৰণ সম্পাদক মনজিৎ শৰ্মা,২০১৮-১৯ বৰ্ষৰ ছাত্ৰ নিৰ্বাচনৰ লঘু খেল সম্পাদক পদৰ প্ৰাৰ্থী ৰাহুল কৌণ্ডিন্যৰ লগতে সুৰজিৎ বৰ্মন,নৱজ্যোতি বৰ্মন,কংকন কুমাৰ ডেকা,ইন্দুকেশ যোগী আৰু ভাৰ্গৱ কাকতিয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিদ্যাৰ্থী পৰিষদৰ সদস্য পদ গ্ৰহন কৰে।মহাবিদ্যালয় খনৰ অন্য একাংশ ছাত্ৰ ছাত্ৰীয়েও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য পদ গ্ৰহন কৰি ভৱিষ্যতে বিদ্যাৰ্থী পৰিষদৰ নীতি নিয়ম নিষ্ঠাৰে পালন কৰিব বুলি মত প্ৰকাশ কৰে।উল্লেখ্য যে আজি যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত বহুকেইজন ছাত্ৰ ছাত্ৰী পূৰ্বতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

Your Comments