বঙাইগাঁৱত বিশ্ব অভিলেখ সৃষ্টিৰ বাবে ২৯ চেপ্তেম্বৰত ছশ চিত্ৰশিল্পীৰ দ্বাৰা চিত্ৰাংকন প্ৰদৰ্শন 

bgn

বঙাইগাঁওঃ 

একেৰাহে ২৬ ঘন্টা ৪১ মিনিট মেণ্ডোলিন বজাই বিশ্ব অভিলেখ সৃষ্টিকাৰী কুন্তল ৰাজ চক্ৰৱৰ্তীৰ তত্বাৱধানত তথা ইণ্ডিয়া ওৱাল্ড ৰেকৰ্ড (India's World Records)ৰ সৌজন্যত অৰেভা( OREVA) নামৰ ফেচন এণ্ড কালচাৰেল ইভেন্ট মেনেজমেন্টে অহা ২৯ চেপ্তেম্বৰৰ পুৱা ১০ বজাত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত বিশ্ব অভিলেখ সৃষ্টিৰ প্ৰচেষ্ঠা হিচাপে এখনি সমূূহীয়া চিত্ৰাংকনৰ আয়োজন কৰিছে ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত আয়োজক সমিতিয়ে এই কথা সদৰি কৰে ৷ সংবাদ মেলত কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে সদৰি কৰা মতে বিশ্ব অভিলেখ সৃষ্টিৰ বাবে আয়োজন কৰা এই চিত্ৰাংকন প্ৰদৰ্শনত ছশৰো অধিক চিত্ৰশিল্পী তথা ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব ৷ এই চিত্ৰাংকন প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ বয়সৰ উৰ্দ্ধতম সীমা ২৪ বছৰৰ ভিতৰত হব লাগিব ৷ চিত্ৰাংকন প্ৰদৰ্শন অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে অংশগ্ৰহণকাৰীসকলে অহা ১০ চেপ্তেম্বৰৰ ভিতৰত প্ৰ-প্ৰত্ৰসহ ৭০০ টকা ভৰ্তি মাচুল আয়োজক সমিতিক জমা দিব লাগিব ৷ নামনি অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া সমূহীয়া চিত্ৰাংকন প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে প্ৰত্যেকে একোখনকৈ প্ৰমাণ পত্ৰ আৰু একোটাকৈ মেডেল লাভ কৰিব ৷ অংশগ্ৰহণকাৰীসকলে চিত্ৰাংকন অনুষ্ঠানত গোলীয় উষ্ণতা, অসমৰ বানপানী অথবা পানী সংৰক্ষণ বিষয় তিনিটাৰ ভিতৰত যি কোনো এটা বিষয় বাচনি কৰি চিত্ৰ অংকন কৰিব পাৰিব ৷ তাৰোপৰি অংশগ্ৰহণকাৰীসকলক চাৰিটা শাখাত ভাগ কৰি প্ৰতিটো শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাসকলক অৰেভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলিও সংবাদ মেলত প্ৰকাশ কৰে ৷ সংবাদ মেলত কুন্তল ৰাজ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে বিগত ২০১৮ বৰ্ষত পাঞ্জাৱত ৪৫০ গৰাকী চিত্ৰশিল্পীয়ে সমূহীয়াভাৱে চিত্ৰাংকন প্ৰদৰ্শন অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিলেখ গঢ়িছিল ৷ সেয়ে তেওঁ কয় যে আমি আশাবাদী যে সেই অভিলেখ ভাঙি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ'ম ৷ চিত্ৰাংকনত অংশগ্ৰহণকাৰীসকলে এঘন্টাৰ ভিতৰত বাচনি কৰি লোৱা নিজৰ নিজৰ বিষয়ৰ চিত্ৰ অংকন কৰিব লাগিব ৷ এই বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টাৰ চিত্ৰাংকন অনুষ্ঠান ইণ্ডিয়া ওৱাল্ড ৰেকৰ্ডৰ পৰা অহা বিচাৰক মণ্ডলীৰ উপস্থিতিত অনুষ্ঠিত হ'ব ৷ অসমৰ শিল্পীক বিশ্বদৰবাৰলৈ আগবঢ়াই লৈ যোৱাৰ এই প্ৰয়াস তথা বিশ্ব অভিলেখ গঢ়াৰ বাবে চলোৱা এই প্ৰচেষ্টাক এটা সম্পূৰ্ণ নতুন অভিজ্ঞতা হিচাপে গ্ৰহণ কৰি সকলোকে সামাজিক দায়িত্ববোধেৰে আগবাঢ়ি আহি অনুষ্ঠানটি ফলৱৰ্তী কৰি তোলাত সহায় - সহযোগ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনায় ৷ লগতে এই চিত্ৰাংকন অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰাসকলে ৮০১১৮১৯৬৬৮, ৯৯৫৭৬৯৪৫৯৫ আৰু ৯৯৫৭১১৬১৪০ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি কয় ৷ ইতিমধ্যে বিভিন্ন আৰ্ট স্কুলসমূহত আয়োজক সমিতিয়ে প্ৰ-প্ৰত্ৰ যোগান ধৰিছে ৷ সংবাদ মেলত সত্য দাস আৰু য়োগীৰাজ চক্ৰৱৰ্তীও উপস্থিত থাকি অনুষ্ঠানটিৰ বিষয়ে উল্লেখ কৰে ৷ 

Your Comments