বৰগাছাৰ দুৰ্গাপূজা মণ্ডপত হিন্দু-মুছলমানৰ যৌথ উদ্যোগত অনুষ্ঠিত ঈদ সন্মিলনৰ সামৰণি 

bargasa

নৰেন শৰ্মা,বাহাৰঘাট :

কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তত অৱস্থিত দুখন গাওঁ গৰমচুং আৰু বৰগাছা৷হিন্দু আৰু মুছলমানৰ মিলনক্ষেত্ৰ উক্ত দুয়োখন গাওঁ৷ অতীতৰে পৰা দুয়ো গাওঁৰ দুয়ো সম্প্ৰদায়ৰ লোকে মিলিজুলি উদযাপন কৰি আহিছে বিভিন্ন উৎসৱ পাৰ্বন৷এইবেলিও তাৰ ব্যতিক্ৰম নহ'ল৷দুয়ো গাওঁৰ হিন্দু আৰু মুছলমান মিলি গৰমচুং বৰগাছা মিলনজ্যোতি সংঘৰ উদ্যোগত যোৱা ১৭ আগষ্টত দিনজোৰা কাৰ্য্যসূচীৰে প্ৰথম বৰ্ষৰ বাবে ঈদ সন্মিলন উদযাপন কৰে৷মনকৰিবলগীয়া যে  হিন্দু দেৱীৰ উপসনা স্থলী দুৰ্গাপূজা মণ্ডপ প্ৰাংগনত ঈদ সন্মিলনৰ ৰভা,মঞ্চ সাজি সমন্বয়ৰ উত্তম নিদৰ্শন দেখুৱাবলৈ প্ৰয়াস কৰিছে দুয়োগাৱৰ ৰাইজে৷

bahar তাতোকৈ উল্লেখনীয় কথা যে সন্ধিয়া ঈদ সন্মিলনৰ সাংস্কৃতিক মঞ্চ আয়তি নামৰে উদ্বোধন কৰে৷এফালে আয়তি নাম আনফালে জিকিৰৰ মধুময় ছন্দত সকলো ৰাইজ আপ্পুত হৈ পৰিছিল৷ইজনে সিজনক আলিঙ্গনৰে অভিবাদন জনাইছিল৷ এই ভাতৃত্ববোধৰ চানেকিৰে সমগ্ৰ দেশৰ সাম্প্ৰদায়িক বিষ বাস্পক প্ৰতিহত কৰি এখন সমন্বয়ৰ সমাজ গঢ়ি তোলাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ৰাতিপুৱা উদযাপন সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ তৰ্পণ,বৃক্ষৰোপন,খেলধেমালি প্ৰতিযোগিতা,চাফাই অভিযান,সন্ধিয়া বিশিষ্ট ব্যক্তিৰ সম্বৰ্দ্ধনা,নিশা সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়৷সমাজসেৱী কুশল কুমাৰ তালুকদাৰে উদ্বোধন কৰা সুৰৰ এনিশা শীৰ্ষক সাংস্কৃতিক অনুস্থানত আমন্ত্ৰিত শিল্পীৰ লগতে কেইবাজনো স্থানীয় শিল্পীয়ে গীতমাত পৰিবেশন কৰে৷

Your Comments