কুমাৰীকাটাত পথ দুৰ্ঘটনা : এজন নিহত 

kumarikata

তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ প্রতিবেদন :

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ এন কে আঙাৰকাটাত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত ফলত ঠিতাতে নিহত হয় অমৰিত হাজং নামৰ এজন লোক।  মৃত লোক জনৰ বয়স ৫০বছৰ। জানিব পৰা মতে মৃত লোকজনে ঘৰৰ পৰা কুমাৰীকাটা বজাৰলৈ  উলাই আহোতে তীব্ৰ বেগত অহা মাৰুতি ভেনে খুন্দিওৱাৰ ফলত উক্ত দুৰ্ঘটনা হোৱা বুলি জানিব দিয়ে। লগে লগে স্থানীয় ৰাইজে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ সোধ পোছ কৰে। লগতে মাৰুতি ভেনখন জব্দ কৰাৰ লগতে চালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

Your Comments