নগাঁৱৰ হাতীচোং মহাবিদ্যালয়ৰ আছু গোট গঠন

assu

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত হাতীচোং মহাবিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) গোটটি সোমবাৰে গঠন কৰা হয় । এই উপলক্ষে বিয়লি হাতীচোং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাই। সভাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিৰণ্যজ্যোতি বৰা, তথ্য সম্পাদক নিপন শৰ্মা,  হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি মিন্টু মণি ফুকন, সাধাৰণ সম্পাদক কৃষ্ণমণি বৰা, মুখ্য সাংগঠনিক সম্পাদক গুণীন শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক পৰাগ লাহন আদি উপস্থিত থাকে । মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনতে ছাত্ৰ একতা সভাৰ সভাপতি বিশাল দাস, সাধাৰণ সম্পাদক কল্পজ্যোতি মেধিৰ নেতৃত্বত ৫২ জনীয়া কাৰ্যনিৰ্বাহক সমিতিৰে এখনি হাতীচোং মহাবিদ্যালয়ৰ আছু গোট গঠন কৰা হয়।

Your Comments