নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলা পৰিবহন বিভাগৰ প্ৰবৰ্তক বিষয়া ৰঞ্জিত দত্তৰ নেতৃত্বত আৰু নগাঁও যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হান্নান লস্কৰ সহযোগত আজি নগাঁও যান-বাহন আৰক্ষীয়ে চহৰখনৰ কেইবাটাও স্থানত অভিযান চলাই নিয়ম ভংগ কৰি যান-বাহন চলোৱা বাহনৰ গৰাকীক জৰিমনা বিহাৰ লগতে বহু কেইখন দুচকীয়া বাহন আটক কৰে। বিশেষকৈ হেলমেট পৰিধান নকৰা, কৰ পৰিশোধ নকৰা, বীমা নথকা, চালকৰ অনুজ্ঞাপত্ৰ নথকা, ছিট বেল্ট নমৰা আদি কেইবাটাও যান-বাহন নিয়ম ভংগ কৰাৰ অপৰাধত আজি পৰিবহন বিভাগ আৰু নগাঁও যান-বাহন আৰক্ষীয়ে নগাঁও চহৰৰ বিভিন্ন স্থানৰ পৰা ৮৮টা মটৰ চাইকেল আৰু দুখন চাৰিচকীয়া বাহন আটক কৰে। অভিযান কালত নগাঁও পৰিবহন বিভাগৰ প্ৰবৰ্তক বিষয়া ৰঞ্জিত দত্তই ৰাইজক ট্ৰেফিক আইন মানি চলিবলৈ আহ্বান জনায়।
- Log in to post comments
- 88 views