বিশেষ প্রতিবেদক :
নলবাৰী জিলাৰ উত্তৰ দিশত থকা পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষয়িত্ৰী মেনকা ব্ৰহ্মক বিভাগীয় ভাবে বদলিকৰণ কৰা বুলি গম পায় ১৯ আগষ্টত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যালয় সমূহৰ পৰিদৰ্শকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খনত হিন্দী শিক্ষয়িত্ৰী গৰাকীক বদলিকৰণ কৰাত ছাত্ৰ ছাত্ৰী অনুপাতে হিন্দী শিক্ষকৰ অভাৱ হ'ব বুলি উল্লেখ কৰাৰ লগতে বিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতিখনো মহামান্য উচ্চ ন্যায়ালযে বাতিল কৰাৰ ফলত উক্ত বিদ্যালয় খনত নতুনকৈ নিযুক্তি দিবলগীয়া শিক্ষকৰ ক্ষেত্ৰতো কাৰিকৰী সমস্যা হ'ব পাৰে বুলি উল্লেখ কৰে। গতিকে এই বিষয়টো সন্দৰ্ভত এক ব্যৱস্থা লবলৈ সংগঠনটোৰ তৰফৰ পৰা সভাপতি ৰঞ্জিত শৰ্মা আৰু সাধাৰণ সম্পাদক হোমেন ৰবিদাস স্বাক্ষৰিত এক স্মাৰকপত্ৰ যোগে দাবী জনায়। পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ উপসভাপতি অমৰ জ্যোতি দাস আৰু ঘোহকুছি শাখাৰ সভাপতি দ্বীপজ্যোতি দাস সহ: এটা সজাতি দল গৈ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উক্ত স্মাৰকপত্ৰ খন প্ৰদান কৰে
- Log in to post comments
- 17 views