বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিয়ে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত সংগঠনটোৰ ভেটি দৃঢ় কৰিবলৈ পুৰণি শাখা সমিতিখন ভংগ কৰি সোমবাবে এখন নতুন শাখা সমিতি গঠন কৰে।পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ দাসৰ লগতে সাধাৰণ সম্পাদক নয়ন কলিতাই সভাৰ উদ্দেশ্য বাখ্যা কৰা সভা খনত উপস্থিত থাকে ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদ্দেষ্টা নৱ কুমাৰ তালুকদাৰ , উপঃ সভাপতি জীৱন বৈশ্য , বিত্ত সম্পাদক কল্পজ্যোতি চৌধুৰী , ভৱানীপুৰ মহিলা শাখা সমিতিৰ সম্পাদিকা মঞ্জু কলিতাই । উক্ত সভাতে পৰিষদৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখা সমিতি খনৰ সভাপতি হিচাপে মৃন্ময় তালুকদাৰ , উপঃ সভাপতি নিখিল পাঠক , উপঃ সভানেত্ৰী বনিস্মিতা ভৰালী ,সাধাৰণ সম্পাদক দেবজিৎ দাস , সহঃ সাধাৰণ সম্পাদক আজিজ খান , সহঃ সাধাৰণ সম্পাদিকা নিশিতা দাসৰ লগতে বহুকেইজন সদস্যক দায়িত্ত্বভাৰ প্ৰদান কৰা হয়।উক্ত সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদ্দেষ্টা নৱ কুমাৰ তালুকদাৰে সাংগঠনিক শৃংখলা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । সভাত দুই শতাধিকৰো অধিক যুৱ ছাত্ৰ পৰিষদৰ সদস্য তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে বুলি ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ দাসে সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰে ।
- Log in to post comments
- 31 views