শিৱসাগৰত 'সমলয় ই' আলোচনীৰ উদ্যোগত 'জীৱন সাৰথি' নামৰ এক কবিতা পুথি উন্মোচন

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

শিৱসাগৰৰ প্ৰেছ ক্লাৱৰ উজ্জ্বল দত্ত সোঁৱৰণী ভৱনত দেওবাৰে এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত নৱপ্ৰজ্বন্মৰ কবি ৰিজুমণি গগৈৰ 'জীৱন সাৰথি' নামৰ  কবিতা পুথিখন উন্মোচন কৰা হয়।  'সমলয় ই' মাহেকীয়া আলোচনীৰ উদ্যোগত আৰু সন্মিনিত কাব্যচৰ্চা মঞ্চ অসমৰ সহযোগত আয়োজিত এই অনুষ্ঠানটোত কাব্যপুথি খন, উন্মোচন কৰে সদৌ অসম কবি সন্মিলনীৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে। অনুষ্ঠানটোত উপস্থিত থাকে। 'সমলয় ই' আলোচনীৰ সভাপতি শ্বাহ আলম, সাধাৰণ সম্পাদক অৰুণ কোঁৱৰ, কবি সীমান্ত সন্দিকৈ আৰু বিশিষ্ট সাংবাদিক এনামউদ্দিন আহমেদ। সাংস্কৃতিক কৰ্মী অনুৰাগ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আৰম্ভনিতে এটি কোৰাচেৰে আৰম্ভ কৰা হয়। অনুষ্ঠানটোত নৱপ্ৰজ্বন্মৰ কবি চাওঁচেং ৰাজকুমাৰী, জয়া গগৈ, সুৰভি বৰপাত্ৰ গোহাঁই আৰু সুকুমাৰ কোঁৱৰে স্বৰচিত কবিতা পাঠ কৰে। ৰিজুমণি গগৈৰ 'জীৱনৰ সাৰথি' নামৰ কাব্যপুথি খনৰ প্ৰথম কপিটো 'সমলয়' ই কাৰ্যকৰ্তা খাদিমউদ্দিন আহমেদে ক্ৰয় কৰে। 

নতুন প্ৰজ্বন্মৰ লেখক-লেখিকা তথা কবি সকলক উৎসাহ যোগাই আহিছে 'সমলয় ই' আলোচনীয়ে। 'সমলয় ই' আলোচনী এখন ৱেব আলোচনী। প্ৰতি মাহে এই আলোচনী প্ৰকাশ কৰা হয়। ২০১৭ চনত প্ৰশাসক অনুৰাগ শৰ্মা আৰু অৰুণ কোঁৱৰে সমলয় ই নামেৰে সামাজিক মাধ্যমত এটা গ্ৰুপ খুলিছিল য'ত বহু জনৰ বহু লেখনি প্ৰবন্ধৰ আকাৰত প্ৰকাশ কৰা হৈছিল। এইদৰে প্ৰায় এটা বছৰৰ পাছত অৰ্থাৎ ২০১৮ চনত 'সমলয় ই' ৰ প্ৰথম সংখ্যা প্ৰকাশ কৰা হয়।

 

উল্লেখ্য যে বৰ্তমানে 'সমলয় ই' আলোচনীৰ মুখ্য সম্পাদক হিচাপে অৰুণ কোঁৱৰে কাৰ্যনিৰ্বাহ কৰি আছে। উপদেষ্টা হিচাপে বীৰেণ শৰ্মা আৰু ৰাজেন শৰ্মা, সভাপতি হিচাপে শ্বাহ আলম, প্ৰকাশক অনুৰাগ শৰ্মাই কাৰ্যনিৰ্বাহ কৰি আছে।

Your Comments