বাগৰিত আৰক্ষীৰ জালত চোৰাং কাঠ সৰবৰাহ কৰা চাৰিখনকৈ ট্ৰাক

kaliyabar

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰৰ প্রতিবেদন :

জখলাবন্ধা আৰক্ষীয়ে বাগৰি আৰক্ষীৰ সহযোগত  গোপন খবৰৰ ভিত্তিত বাগৰিত অভিযান চলাই বৃহৎ পৰিমানৰ মূল্যবান চোৰাং চেগুন কাঠসহ জব্দ কৰে চাৰিখনকৈ ১০ চকীয়া ট্ৰাক । আৰক্ষীয়ে চোৰাং কাঠ সহ জব্দ কৰা ট্ৰাক কেইখনত প্লাই বৰ্ডৰ চালান লৈ ডিমাপুৰৰ পৰা কলিকতালৈ বুলি প্লাই বৰ্ডৰ তলত লুকুৱাই আনিছিল চেগুন কাঠৰ বৃহৎ বৃহৎ ফান্টা । জব্দ কৰা বাহন কেইখনৰ পঞ্জীয়ন নম্বৰ হ'ল ক্ৰমে -এম এল ০৬ টি ১৩২৫, এন এল ০১এডি- ০৬৯৭, এন এল ০১ এ ডি-২২৬৯,এন এল ০১ এ ডি ২২৭৩  আৰক্ষীয়ে ট্ৰাক সহ জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি ইতিমধ্যে আৰক্ষীয়ে জানিব দিছে |

বাগৰি আৰক্ষীয়ে জব্দ কৰা ট্ৰাক কেইখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । 
আৰক্ষীয়ে বাহন কেইখনৰ চালক আৰু হেন্দিমেনক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে ।

Your Comments