বাহাৰঘাটত বিজেপিৰ সদস্য ভৰ্ত্তি অভিযান :বহু কংগ্ৰেছ অগপ কৰ্মীৰ যোগদান

bjp

নৰেন শৰ্মা,বাহাৰঘাট :

আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি শাসকীয় বিজেপি দলে ৰাজ্যখনত সাংগাঠনিক ভেটি মজবুত কৰাৰ বাবে উঠিপৰি লাগিছে৷ইতিমধ্যে দলটোৱে বিগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অঞ্চলটোত অধিক ভাল ফল দেখুৱাই প্ৰাৰ্থীক বিজয়ী কৰিবলৈ সক্ষম হৈছে৷বৰ্তমান দলটোৱে চলোৱা সদস্য ভৰ্ত্তি অভিযানত অঞ্চলটোৰ ৰাইজে ব্যাপক সহাৰি দি দলটোৰ কৰ্মীসকলক উৎসাহিত কৰা পৰিলক্ষিত হৈছে৷ইয়াৰ ভিতৰত নলবাৰী সমষ্টিৰ ১১ নং দেহাৰকুছি আৰু ১২ নং দতৰা গাওঁ পঞ্চায়তৰ প্ৰায়বোৰ গাওঁতে বিজেপি কৰ্মী সকলে সদস্য ভৰ্ত্তিত সফলতা অৰ্জন কৰিছে৷আনহাতে বৰক্ষেত্ৰী সমষ্টিৰ ৫৩ নং সানেকুছি পঞ্চায়তটো সদস্য ভৰ্ত্তিত সকলো ৰাইজৰ পৰা উৎসাহৰে সমৰ্থন পোৱাটো লক্ষ্যনীয় 
হৈ পৰিছে৷ মনকৰিবলগীয়া যে উক্ত সদস্য ভৰ্ত্তি অভিযানত কংগ্ৰেছ,অগপ দলৰ কৰ্মী সকলৰ লগতে  অন্যান্য দলৰ কৰ্মীও আছে৷

আনহাতে মুছলমান সম্প্ৰদায়ৰ লোক সকলেও গেৰুৱা দলটোৰ সদস্য ভূক্ত হৈ অন্যদলৰ সাংগঠনিক ভেটি একপ্ৰকাৰ উচন কৰাৰ পথত অগ্ৰসৰ হৈছে৷তদুপৰি হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ মৌজাৰ আতাইবোৰ পঞ্চায়ততে সদস্য ভৰ্ত্তি অভিযান তীব্ৰতৰ কৰি তুলিছে৷ইয়াৰে কঞাঁ বৰপূল্লা,বাৰাংহাটী,ধুহিবালা,বালিসত্ৰ বিষ্ণুপূৰ গাওঁ পঞ্চায়তৰ ভিতৰত ধুহিবালাত বাহিৰে বাকী তিনিখন পঞ্চায়তে বিজেপিৰ দখলত আছে৷এই তিনি পঞ্চায়তৰ অন্তৰ্গত কেইটামান খণ্ডৰ পাৰ নিৰ্বাচিত সদস্য অন্যদলৰ আছিল যদিও তাৰেও বহু কেইজনে ইতিমধ্যে গেৰুৱা দলটোত যোগদানো কৰিছে৷আনহাতে দলটোৰ কৰ্মকৰ্তা সকলে গাওঁ সমূহৰ অলিয়ে গলিয়ে সদস্য ভৰ্ত্তি অভিযান চলাই অন্যদলৰ কৰ্মীক আদৰি আনিবলৈ সক্ষম হৈছে৷উক্ত সদস্য ভৰ্ত্তি অভিযানত অহা কৰ্মীসকলক সহায় সহযোগিতা আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক সমিতিৰ মেডিয়া চেলৰ কো কনভেনৰ নিবাৰণ লহকৰে৷লহকৰে মৌজাখনৰ সকলো দলীয় কৰ্মীৰ লগত সুসম্পৰ্ক ৰাখি সাংগঠনিক দিশ মজবুত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰি সম্প্ৰতি তেওঁ উঠিপৰি লাগিছে৷

Your Comments