নলবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল ইটাভৰ্তি ট্ৰাক:গুৰুতৰভাৱে আহত এজন

acci

নলবাৰীৰ পৰা হেমন্ত কলিতা


নলবাৰী জিলাৰ  ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱা ৮-৩০ বজাত  নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত ইটাভৰ্তি ট্ৰাক এখন বাগৰি পৰে।গুৱাহাটীৰ দিশৰ পৰা  আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ট্ৰাকখন। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এএচ ০১ এক্স ৩৪৯০। পিছত দুৰ্ঘটনাত আহত ট্ৰাকখনৰ চালকজনক ততাতৈয়াকৈ স্থানীয় ৰাইজে 'মৃত্যুঞ্জয় ১০৮' এম্বুলেন্সেৰে নলবাৰী শ্বহীদ মুকুন্দ কাকতি হাস্পতাললৈ  প্ৰেৰণ কৰে।

 

প্ৰাপ্ত খবৰ মতে নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ট্ৰাকখন বাগৰি পৰাৰ ফলত চিচি ব্লক ইটাসমূহ ঘাইপথত বাগৰি পৰি এঘণ্টাৰো অধিক সময় ব্যাহত হয় যাতায়ত।ফলত ৰাজপথত  আবদ্ধ হৈ পৰে বহু যান-বাহন।ইফালে,বহু পলমকৈ নলবাৰী সদৰ আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন আঁতৰাই দিয়াৰ ব্যৱস্থা  কৰে।

Your Comments