বৰাকত কয়লাৰ অবৈধ ব্যৱসায় : তদন্তৰ বাবে উপস্থিত চিআইডিৰ দল

coal

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :

জোৱাই-বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মালিডহৰ হৈ বৰাকত ৰাতিৰ আন্ধাৰত প্ৰতিদিনেই সোমাইছে ৩০/৪০ খনকৈ  কয়লাভৰ্তি  ট্ৰাক। প্ৰাপ্ত অভিযোগ মতে 
বৰাকত চলি থকা এই কলা হীৰাৰ অবৈধ ছিণ্ডিকেটৰ নেতৃত্বত আছে বদৰপুৰৰ বিভিছিএল‌ নামৰ কোম্পানীটোৰ প্ৰধান মুকেশ আগৰৱাল আৰু কালাইনৰ কয়লা মাফিয়া ৰেহান উদ্দিন খা ওৰফে ছমু।

স্থানীয় ৰাইজে এই সম্পৰ্কে  অভিযোগ কৰাত বৰাকৰ কাছাৰৰ গুমৰা-মালিডহৰত শনিবাৰে তদন্তৰ বাবে চিআইডিৰ এটা দল আহি কিছু প্ৰাথমিক তথ্য প্ৰমাণ গোটেই লৈ যোৱা বুলি জানিব পৰা গৈছে।

তাদন্তকাৰী দলটোৱে শনিবাৰ বহু কেইজন কয়লা মাফিয়াক মাতি নি জেৰা চলোৱা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। 

ইফালে চিআইডিৰ আগমনৰ খবৰ পাই অবৈধ কয়লাৰ এই ব্যৱসায়ৰ লগত জড়িত দুই এজনে পলায়ণ কৰা বুলিও জানিব পৰা গৈছে।

Your Comments